মৰাণত জাপানীজ এনকেফেলাইটিছৰ আতংক: একেটা পৰিয়ালৰে এজনৰ মৃত্যু, এজন চিকিৎসাধীন

অসম সংবাদ, মৰাণ: আমুল পৰিবৰ্তন হোৱা বুলি ঢাক-ঢোল বজোৱা অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপলা স্বৰূপ ওলাই পৰিছে মৰাণত। মৰাণ ১নং লেঙেৰী চৰকাৰী গাওঁবুঢ়া ডিম্বেশ্বৰ গগৈ (৮১) নামৰ লোকজন আজি বিয়লি ১.১০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আনহাতে তেওঁৰ পত্নী সোণপাহী গগৈও অসুস্থ হৈ  পৰাত মৰাণ মেডিকেল চেন্টাৰলৈ আনে যদিও চিকিৎসকে স্বাস্থ্য অধিক অবনতি ঘটতাত এ এম চি এইছ লৈ প্ৰেৰণ কৰিছে । এই খৱৰ বিয়পি পৰাত অঞ্চলটোত জাপানীছ এনকেফেলাইটিছৰ ভয়ত কম্পমান হৈছে স্থানীয় ৰাইজ। বাৰিষা বতৰতে গাৱে-ভূঞে ম’হৰ উপদ্ৰবত বহুতো লোকে এই ৰোগত প্ৰাণ হেৰুৱাব লগীয়া হয় । স্বয়ং এজন চৰকাৰী কৰ্মচাৰীকে স্বাস্থ্য বিভাগে প্ৰাণ ললে আৰু তেওঁৰ পত্নী অসুস্থ হৈ চিকিৎসাধীন হোৱাটো স্বাস্থ্য বিভাগৰ চৰম ব্যৰ্থতা। অঞ্চলটোত আৰু অধিক লোকৰ জাপানীজ এনকেফেলাইটিছ হ’ব নোৱাৰে তাৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …