কাজিৰঙা পৰিভ্ৰমণ কৰাবলৈ মালতী আৰু নাই

অসম সংবাদ, কলিয়াবৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জত প্ৰায় বছৰে বছৰে সেৱা আগবঢ়াই অহা মালতী নামৰ হাতীজনী লিভাৰৰ জটিল ৰোগত আক্ৰান্ত হৈ চাৰিদিন ধৰি অসুস্থ হৈ আছিল। শুক্ৰবাৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই হাতীজনীক চিকিৎসা প্ৰদান কৰিছিল যদিও সুস্থ হৈ নুঠিল প্ৰায় ২৫ বছৰীয়া মালতী নামৰ হাতীজনী। শনিবাৰে কাজিৰঙাৰ পাণবাৰীৰ চি ডব্লিউ আৰ চিলৈ প্ৰেৰণৰ বাবে চেষ্টা চলাইছিল যদিও চেওচুৰৰ হাতী-কেম্পৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ উঠি আহি কিছু সময়ৰ পিছতে ঘাইপথৰ দাঁতিত লেবেজান হৈ ঢলি পৰে অসুস্থ হাতীজনী। তাৰ পিচতে পুৱা প্ৰায় দহ বজাত মৃত্যু হয় মালতী নামৰ বিভাগীয় হাতীজনীৰ । পৰৱৰ্তী সময়ত মালতীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সমাধিস্থ কৰে মালতীৰ মৃতদেহ ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …