দক্ষিণ কামৰূপৰ বঙৰাত ভয়ংকৰ পথ দুর্ঘটনা : আহত ৮

আজাৰাৰ পৰা অজয় দাস, অসম সংবাদ: দক্ষিণ কামৰূপৰ বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত হয় ৩ খনকৈ বাহন । বঙৰাৰ আমৰতলত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো । AS-01-FC-2126 নম্বৰৰ মালবাহী ট্ৰাক এখন গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল আৰু ৰাণীৰ পৰা AS-01-DD-4654 নম্বৰৰ ট্ৰাক এখন মিৰ্জালৈ গৈ আছিল ঠিক তেনেতে দুয়োখন ট্ৰাকৰ মাজত মুখামুখী সংঘৰ্ষ সংঘটিত আৰু মিৰ্জালৈ গৈ থকা গাড়ীখনৰ পিছত এখন AS-01-AA-4886 নম্বৰৰ এল্ট গাড়ীখনে প্ৰচণ্ড যোৰে খুণ্ডা মাৰে আৰু ফলত তিনিওখন গাড়ীত থকা ৮ জন ব্যক্তি আহত হয় ।

আহত আটাইকেইজনক মিৰ্জা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও ইয়াৰে ৩ জনৰ অৱস্থা অতি সংকটজনক । আনহাতে ঘটনাস্থলিত পলাশবাৰী আৰক্ষী উপস্থিত হৈ আটাইকেইখন বাহন থানালৈ নিয়াৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰন কৰে ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …