মাৰ্ঘেৰিটাত ১৩ বছৰীয়া কিশোৰক যৌন নিৰ্যাতন চলাই জেললৈ গ’ল ব্যৱসায়ী

অসম সংবাদ, মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এজন প্ৰতিস্থিত ব্যৱসায়ী দ্বাৰা এজন কিশোৰক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ বিৱৰণী মতে শুক্ৰবাৰে নিশা মাৰ্ঘেৰিটা বজাৰৰ (ট্ৰেলৰ) ব্যৱসায়ী সুৰেশ চৌধুৰীৰ পুত্ৰ তথা মুকেশ ট্ৰেলৰ মালিক ৰাজেশ চৌধুৰী (৪৭) ওৰফে পিংকুৱে তেওঁ‌ৰ ব্যৱসায়ীক প্ৰতিষ্ঠান খনৰ কাষতে খেলি থকা এজন ১৩ বছৰীয়া কিশোৰক নিজৰ দোকানৰ চাটাৰ খন খুলিব নোৱাৰাৰ অজুহাত দেখুৱাই কিশোৰ জনক ফুচুলাই মাতি নি প্ৰায় আধা এঘণ্টা ধৰি যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । পিছত কোমল বয়সৰ কিশোৰ জনে ভয়তে সকলো কথা আজি ঘৰৰ পৰিয়ালৰ লোকক আগত অৱগত কৰে | পাছত ঘটনা সত্য প্ৰমাণ পোৱাত ব্যৱসায়ী জনক লপা থপা দি আজি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে অভিযোগৰ ভিত্তিত ১৬০/২০১৮ নম্বৰৰ অধীনত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ 4 OFF /POCSO act 2012 ৰ অধীনত লম্পট ব্যৱসায়ী জনক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …