অর্চনা মহন্তলৈ লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা

কল্যাণ কুমাৰ কলিতা

অসমৰ সংগীতৰ আকাশৰ এক ভোটাতৰা তেওঁ । সুদীর্ঘ কাল ৰাজ্যৰ সংগীতৰ জগতখনত বিচৰণ কৰি বহু অনুপম গীতেৰে শ্রোতাৰ হৃদয় জয় কৰা শিল্পীগৰাকীলৈ শেহতীয়াকৈ আগবঢ়োৱা হৈছে লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা । কোৱা হৈছে বিশিষ্ট সংগীত শিল্পী অর্চনা মহন্তৰ কথা । বর্তমান তেওঁ শাৰীৰিকভাৱে অসুস্থ । শাৰীৰিক অসুস্থতাৰ বাবে অনুষ্ঠানটোত উপস্থিত হৈ বঁটা গ্রহণ কৰিব নোৱাৰাত অলপতে তেওঁৰ বাসগৃহত উপস্থিত হৈ উদ্যোক্তাসকলে বিশিষ্ট শিল্পীগৰাকীক এই সন্মান প্রদান কৰে । উল্লেখযোগ্য যে, অসমীয়া সংগীতৰ বিশাল জগতখনক যি দুগৰাকী পুৰোধা শিল্পীৰ যুটিয়ে এক নতুন মাত্রা দিবলৈ সক্ষম হৈছিল সেই অনুপম যুটিটোৱে হৈছে প্রয়াত খগেন মহন্ত আৰু অর্চনা মহন্তৰ যুটি । তেওঁলোকৰ চিৰসেউজ গীতসমূহ আজিও প্রতিগৰাকী অসমীয়াৰে হৃদয়ত স্পন্দিত হৈ আছে । কিন্তু দুখৰ বিষয় যে আমি অকালতে আমাৰ মাজৰ পৰা চিৰবিদায় জনাবলগীয়া হ’ল বিহুসম্রাট তথা লোকশিল্পী খগেন মহন্তক ।

উল্লেখ্য যে, খগেন মহন্তই জীৱনৰ বহুসময়, বহুবছৰ অসমৰ লোকগীত-মাতসমূহ সংগ্রহ কৰিবৰ বাবে অসমৰ অৰঙে-দৰঙে ঘুৰি ফুৰিছিল আৰু এইগৰাকী শিল্পীক সাংসাৰিক জীৱনত, সাংস্কৃতিক জীৱনত প্রতিটো মুহূর্ততে ছাঁৰ দৰে থাকি সংগ দিছিল তেওঁৰ শিল্পী পত্নী অর্চনা মহন্তই । অর্চনা মহন্তৰ কণ্ঠত ‘শালিকী ঐ অবুজন চৰাইজনী’, ‘কিমান নাও যে ঘাটত লাগিল’, ‘আজিহে গ’লাগৈ এৰি ছিঙি এনাজৰী’ আদি চিৰসেউজ গীতসমূহ আজিও শ্রোতাৰ মন-মগজুত সজীৱ হৈ আছে । অর্চনা মহন্তৰ সাংগীতিক জীৱনে গতি লাভ কৰিছিল ‘সুৰৰ আকাশত হ’লো যে মই দিশহাৰা’ শীর্ষক গীতটোৰে । নির্মলপ্রভা বৰদলৈয়ে ৰচনা কৰা আৰু জিতেন দেৱে সুৰ কৰা এই গীতটো বাণীবদ্ধ কৰা হৈছিল আকাশবাণীত । বহুল জনপ্রিয়তা অর্জন কৰা এই গীতটোৰ দ্বাৰাই অর্চনা মহন্তই লাভ কৰিছিল বিশেষ পৰিচিতি । বাল্যকালতে এক সাংগীতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা অর্চনা মহন্তই শাস্ত্রীয় সংগীতৰ আদিপাঠ গ্রহণ কৰিছিল ওস্তাদ আবুল হুছেইনৰ ওচৰত । পৰৱর্তী সময়ত তেওঁ সংগীতজ্ঞ জিতেন দেৱৰ ওচৰত আধুনিক গীতৰ প্রশিক্ষণ লৈছিল । জীতেন দেৱৰ অনুপ্রেৰণাতে তেওঁ আকাশবাণীত পৰীক্ষা দি কণ্ঠদান কৰাৰ সুযোগ লাভ কৰে । সেয়াই আৰম্ভণি । পৰৱর্তী পর্যায়ত অর্থাৎ বিবাহৰ পাছত তেওঁ প্রণালীবদ্ধভাৱে শাস্ত্রীয় সংগীতৰ শিক্ষা গ্রহণ কৰিছিল বিশিষ্ট শিল্পী অনিমেশ দত্তৰ ওচৰত । বিহু সম্রাট খগেন মহন্তৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পূর্বেই অর্চনা মহন্তই কলকাতাৰ এইচ এম ভি ষ্টুডিঅ’ত প্রথম লোকগীত ‘অ’ সুন্দৰী ৰাধে মাই, বৃন্দাবন চাড়িয়া কৃষ্ণ মথুৰাক যাই’ বাণীবদ্ধ কৰিছিল, যিটো সময়ত লোকগীতৰ বিশেষ প্রচাৰ আৰু প্রসাৰ হোৱা নাছিল । উক্ত কামৰূপী লোকগীতটোৰ ৰচনা আৰু সুৰ আছিল বৰপেটাৰ সম্পদস্বৰূপ, সু-সন্তান লোকসংগীত শিৰোমণি গোকুল পাঠকৰ । সেই গীতটি কেৱল অসমৰ শ্রোতাই আদৰি লোৱা নহয়, বংগৰ সংগীতপ্রেমীৰ মাজতো ব্যাপক জনপ্রিয়তা লাভ কৰিছিল । স্মর্তব্য যে, ১৯৭৩ চনত খগেন মহন্ত আৰু অর্চনা মহন্তই যুগ্ম জীৱন আৰম্ভ কৰে আৰু তেতিয়াৰ পৰাই দর্শকৰ বিপুল দাবী আৰু ইচ্ছাত সুদীর্ঘ সময়ধৰি প্রতিখন মঞ্চতে দুয়োগৰাকী শিল্পীয়ে একেলগে গীত পৰিৱেশন কৰি যায় । এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে, যিটো সময়ত তেওঁলোকে সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল সেই সময়ছোৱাত মঞ্চত বিহুগীতৰ বিশেষ প্রচলন নাছিল । তাৰ বিপৰীতে কামৰূপত কামৰূপীয়া লোকগীত, গোৱাৰপাৰাত গোৱালপৰীয়া লোকগীত আদিকে ধৰি স্থানীয় লোকগীতসমূহ মঞ্চত পৰিৱেশন হৈছিল । কিন্তু এই যুটিটোৱে উজনিৰ পৰা নামনিলৈকে চুকে-কোণে মঞ্চত বিহুগীতৰ প্রচলন কৰে আৰু তাৰ পাছৰ পৰাই বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক একত্রিত হৈ মঞ্চত বিহুগীত পৰিৱেশন আৰু উপভোগ কৰিবলৈ আৰম্ভ কৰিলে, যি আছিল লোকসংগীতৰ ক্ষেত্রখনত এক নতুন দিশৰ সূচনা । অর্চনা মহন্ত আছিল আকাশবাণী গুৱাহাটী কেন্দ্রৰ প্রথমগৰাকী বি-হাইগ্রেড শিল্পী । তেওঁৰ পূর্বে আন কোনো শিল্পীয়ে এই পৰীক্ষাত পাৰদর্শিতা প্রদর্শন কৰিব পৰা নাছিল । লোকসংগীতকে ধৰি সংগীতৰ ক্ষেত্রত তেওঁৰ চর্চা আৰু সৃষ্টিৰাজিৰ প্রতি সন্মান প্রদর্শন কৰি শেহতীয়াভাৱে বিশিষ্ট শিল্পী অর্চনা মহন্ত (বিবাহৰ পূর্বে অর্চনা দাস)লৈ আগবঢ়োৱা হয় লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা । বৰপেটা সত্রৰ ইতিহাস প্রণেতা, বিষ্ণুৰাভা বঁটা প্রাপক লোকসংগীত শিৰোমণি গোকুল পাঠকৰ ৯২ সংখ্যক শুভ-জন্ম দিনত এই বঁটাটি বিগত বর্ষৰ ১৪ অক্টোবৰৰ দিনাখন শিল্পীগৰাকীক অম্বিকাগিৰী বাণীকান্ত বৰপেটা সাহিত্য সভা ভৱনত অনুষ্ঠানিকভাৱে প্রদানৰ দিহা কৰা হৈছিল যদিও শিল্পীগৰাকীৰ অসুস্থতাৰ বাবে তেওঁক শেহতীয়াভাৱে নিজা বাসগৃহলৈ গৈ এই বঁটাটি প্রদান কৰা হয় ।

মন্তব্য

পঢ়িব পাৰে

শেষ হৈ যোৱা নাই মানৱতা: যুৱ উদ্যোগী ঋষিৰাজ বৰকটকীৰ মহানুভৱতা

নিউজ ডেস্ক, অসম সংবাদ: শেষ হৈ যোৱা নাই মানৱতা। দুখ আৰু দুৰ্দশাই হতাশ কৰাজনৰ কাষত …