ৰুচি সম্পন্ন নাটেৰে বৰদৈচিলা থিয়েটাৰৰ বিশাল প্ৰস্তুতি

অসম সংবাদ, নলবাৰী: একৈশতম বৰ্ষত পদাৰ্পন কৰা নলবাৰীৰ বৰদৈচিলা থিয়েটাৰৰ আগন্তুক নাট্য বৰ্ষৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজহুৱা কৰিবলৈ নলবাৰী হৰি মন্দিৰত আজি এখন সংবাদ মেলৰ আয়োজন কৰে নাট্য দলটোৱে।সংবাদ মেলত উপস্থিত থাকি বৰদৈচিলা
থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামে আগন্তুক নাট্য বৰ্ষতো নাট্য দলটোৱে পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰি ৰুচি সন্মত নাটক দেখুৱাবলৈ সাজু হোৱাৰ কথা ব্যক্ত কৰে । জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ‘মন-ময়ূৰীৰ সংসাৰ’, ‘গৃহলক্ষ্মী’ আৰু ‘দেউতা’-এই তিনিওখন নাটকতে দৰ্শকে প্ৰকৃত নাটকৰ সোৱাদ পাব বুলি প্ৰযোজক নজৰুল ইছলামে দৃঢ়তাৰে দাবী কৰে। সংবাদ মেলত বৰদৈচিলা থিয়েটাৰৰ এই বছৰৰ বাবে চুক্তিবদ্ধ হোৱা বিশিষ্ট অভিনেতা ভৱেশ বৰুৱা, মৃদুল ভূঞা, অভিনেত্ৰী গায়ত্ৰী মহন্তৰ উপৰি নলবাৰী হৰি মন্দিৰৰ সম্পাদক নগেন ডেকা, দুই শিক্ষাবিদ টিকেন দাস আৰু নুৰুল ইছলাম উপস্থিত থাকে। বৰদৈচিলা থিয়েটাৰৰ বাৰ্ষিক মুখপত্ৰ ‘আমাৰ বৰদৈচিলা’ৰ সম্পাদক সাংবাদিক এম মহিবৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটোতে নাট্য দলটিৰ এই বৰ্ষৰ বিগ বাজেটৰ নাটক ‘মন-ময়ূৰীৰ সংসাৰ’ৰ গীতৰ ভিডিও আৰু প্ৰম’ উন্মোচন কৰে নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই। সংবাদ মেলত বিশিষ্ট চিত্ৰ সাংবাদিক অমিয় তালুকদাৰো উপস্থিত থাকে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …