মিষ্টাৰ ইউনিভাৰ্ছ দেহশ্ৰী প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল অসম সন্তান ছৰিফুলৰ

আজাৰাৰ পৰা অজয় দাস, অসম সংবাদ: ক্ৰীড়াপ্ৰেমী সকলৰ বাবে এক সুখবৰ । ছিংগাপুৰত জিলিকিল অসম সন্তান । যোৱা এক জুলাইত ছিংগাপুৰৰ জক চহৰত অনুষ্ঠিত হোৱা মি: ইউনিভাৰ্ছ দেহশ্ৰী প্ৰতিযোগিতাত দ্বিতীয় স্থান দখলেৰে ৰূপৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে অসম তথা নগাঁওৰ সন্তান ছৰিফুল শইকীয়াই । অসম সন্তান ছৰিফুলে বিশ্বৰ মুঠ ২৯ খন দেশৰ ৫ শতাধিক প্ৰতিযোগীৰ ভিতৰত নিজৰ কৃতিত্ব প্ৰদৰ্শনৰে দ্বিতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে সকলোৰে বাবে । বুধবাৰে নিশা ঘৰলৈ উভতি আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ছৰিফুলক উষ্ম আদৰণি জনাই পৰিয়াল তথা শুভাকাংশী সকলে । উল্লেখযোগ্য যে ছৰিফুল শ‌ইকীয়াই পূৰ্বে দুবাৰকৈ মি: ইণ্ডিয়া আৰু এবাৰ মি: এছিয়াৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । পুনৰ ছৰিফুলৰ এই সাফল্যত অসমবাসীৰ লগতে গৃহ চহৰ নগাঁওৰ ক্ৰীড়াপ্ৰেমীসকল আনন্দিত হৈছে ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …