নলবাৰীত বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ মুকলি

অসম সংবাদ, নলবাৰী: নলবাৰীৰ পানীগাঁওত আজি বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ মুকলি কৰা হয়। ২১ তম বৰ্ষত উপনীত হোৱা বৰদৈচিলাৰ আখৰা গৃহ মুকলি কৰি নেমকেয়াৰ হস্পিটেলৰ পৰিচালন সঞ্চালক ডা: হিতেশ বৰুৱাই কয় যে এইবেলি নাটক, অভিনয় আদিৰ ক্ষেত্ৰত অভিনৱ সংযোজন ঘটা বৰদৈচিলা থিয়েটাৰে অসমৰ ভ্ৰাম্যমান নাট্য জগতত নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হব। নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত প্ৰযোজক নজৰুল ইছলামে কয় যে ৰাইজৰ আশীৰ্বাদ লৈ বৰদৈচিলাই এইবেলি ২১ তম নাট্য বৰ্ষত দৰ্শক ৰাইজক সুকীয়া বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হব।আজিৰ আখৰা গৃহ মুকলি অনুষ্ঠানত আছুৰ উপ সভাপতি প্ৰদীপ দাস, সাংস্কৃতিক কৰ্মী অমিয় তালুকদাৰ, অভিনেতা ভাবেশ বৰুৱা আৰু মৃদুল ভূঞা উপস্থিত আছিল। উল্লেখযোগ্য গায়ত্ৰী মহন্ত, ভবেশ বৰুৱা, মৃদুল ভূঞাৰ সমাহাৰেৰে বৰদৈচিলাই এইবেলি অভিজিত ভট্টাচাৰ্যৰ তিনিখন নাটক ক্ৰমে মন ময়ুৰীৰ সংসাৰ, দেউতা আৰু গৃহলক্ষী নাট তিনিখন মঞ্চস্থ কৰিব।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …