কাজিৰঙাত এজাক নিবনুৱাৰ ব্যতিক্ৰমী পদক্ষেপ

কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়া,অসম সংবাদ:
বন্যপ্ৰেমৰ জীৱন্ত নায়ক কাজিৰঙাৰ মনোজ গগৈৰ প্ৰকৃতিপ্ৰেম আমি আগতে প্ৰকাশ কৰিছো অসম সংবাদত ৷ এইবাৰ আমি কম নিবনুৱা সমস্যা দুৰ কৰাৰ ক্ষেত্ৰত মনোজ গগৈৰ এক উৎকৃষ্ট নিদৰ্শন ৷ কাজিৰঙাত এজাক নিবনুৱাৰ ব্যতিক্ৰমী পদক্ষেপ ৷ হাতে হাতে বাইনকুলাৰ আৰু কিতাপ-বহী লৈ পুৱাই ওলাই আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলসমুহলৈ ৷ উল্লেখ্য যে দেশী বিদেশী পৰ্যটকৰ মুল আকৰ্ষণস্থলী কাজিৰঙা ৷ কাজিৰঙা মানেই এশিঙীয়া গঁড়,বন্যজন্তু আৰু বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ ৰম্যভুমি ৷ কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকে বিভিন্ন জীৱজন্তুৰ লগতে চিনাকী হোৱাৰ ইচ্ছা প্ৰকাশ কৰে উদ্যানৰ পক্ষীকুলৰ লগত ৷ সেয়েহে কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰেমৰ জীৱন্ত নায়ক মনোজ গগৈয়ে নিঃস্বাৰ্থ ভাৱে এই দলটিক চৰাই সমুহৰ নামৰ লগতে পৰ্যটকৰ সুবিদ্ধাৰ্থে বৈজ্ঞানিক নামৰ সৈতে চিনাকী কৰি দিয়াৰ চেষ্টা কৰিছে ৷ মনোজ গগৈৰ বন্যপ্ৰেমৰ প্ৰকৃত নিদৰ্শন আমি পুৰ্বতে অসম সংবাদত প্ৰকাশ কৰি আহিছো ৷ মনোজৰ মতে বৰ্তমান সময়ছোৱাত এটা জ্বলন্ত সমস্যা হৈছে নিবনুৱা সমস্যা ৷এই কৰ্মৰ দ্বাৰা নিবনুৱা সমস্যা কিছু পৰিমাণে হলেও হ্ৰাস পাব বুলি তেওঁৰ আশা ৷ ২০০৯ চনৰ পৰা প্ৰায় অৰ্ধ শতাধিক নিবনুৱাক কৰ্ম সংস্থাপনৰ পথ দেখুৱাই আহিছে মনোজে ৷ এইবাৰো প্ৰায় ২০ জনীয়া নিবনুৱাৰ দলটিক বহু কষ্ট কৰি সাজু কৰি তুলিছে আগন্তুক উদ্যান আৰম্ভ হোৱা সময়ৰ বাবে ৷মনোজৰ আশা যে অনাগত সময়ত কাজিৰঙালৈ উদ্যান দৰ্শনৰ বাবে অহা দেশী বিদেশী পৰ্যটকক বিভিন্ন বন্যপ্ৰাণীৰ লগতে চৰাইৰ বিষয়ে বিতংভাৱে বুজাব পৰাৰ লগতে তেওঁলোকৰ এটা স্বাৱলম্বীৰ পথ মুকলি হব ৷

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …