বিশ্বনাথ চাৰিআলিত প্ৰশাসনৰ অভিযান: ৬০ কাৰ্টন মিনাৰেল ৱাটাৰৰ বটল জব্দ

বিশ্বনাথ চাৰিআলিৰ পৰা ভূচিত্ৰ দাধৰা, অসম সংবাদ: বিশ্বনাথ জিলাত ভেজাল খাদ্য-সামগ্ৰীৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান অব্যাহত আছে। অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিনৰ নিৰ্দেশক্ৰমে এটা অভিযানকাৰী দলে আজি চাৰিআলিৰ এখন পাইকাৰী দোকানৰ পৰা “লোহিত” ব্ৰেণ্ডৰ মিনাৰেল ৱাটাৰৰ ৬০ কাৰ্টুন বটল জব্দ কৰে। এগৰাকী গ্ৰাহকে মিনাৰেল ৱাটাৰৰ এটা বটলত আপত্তিজনক দ্ৰব্য প্ৰত্যক্ষ কৰি প্ৰশাসনক অভিযোগ দিয়াত বিশ্বনাথৰ কাৰ্যবাহী দণ্ডাধীশ বিশ্বজিত শইকীয়াৰ নেতৃত্বত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তথা আৰক্ষীৰ এটা দলে অভিযান চলায় আৰু গ্ৰাহকগৰাকী তথা বিক্ৰেতাৰ ভাষ্যৰ ভিত্তিত লোহিত ব্ৰেণ্ডৰ খোৱাপানীৰ বটলখিনি জব্দ কৰি তাৰ গুণমান পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে। এই পৰীক্ষাৰ ফলাফলত খোৱাপানীৰ বটলত অস্বাস্থ্যকৰ দ্ৰব্যৰ উপস্থিতি প্ৰমাণিত হ’লে প্ৰস্তুতকৰ্তা কোম্পানীটোৰ বিৰুদ্ধে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে জানিবলৈ দিছে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …