গোবৰ্ধনাত বেকী নদীৰ বুকুত স্কুলীয়া ছাত্ৰৰ সলিল সমাধি

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ, অসম সংবাদ:
আজি আবেলি বেকী নদীত গা ধুবলৈ যোৱাতে বাগছা জিলাৰ গোবৰ্ধনা থানৰ অন্তৰ্গত গোবৰ্ধনাত নদীৰ বুকুত সলিল সমাধি ঘটে ১৪ বছৰীয়া এজন স্কুলীয় ছাত্ৰৰ । প্ৰাপ্ত তথ্য অনুসৰি আজি আবেলি ৪ বজাত গোবৰ্ধনা গৰীয়া বস্তিৰ ৰব্বুল আলিৰ পুত্ৰ ৰিণ্টু আলি য়ে(১৪) লগৰ সমনীয়াৰ সৈতে ট্ৰেক্টৰত উঠি বেকীনদীত গা ধুবলৈ গৈছিল গৈছিল আৰু গা ধুই থকা অৱস্থাতেই নদীৰ সতে উটুৱাই লৈ যায় । এছ ডি আৰ এফ বাহিনীয়ে বৰ্তমানলৈ বিছাৰি আছে যদিও উদ্ধাৰ কৰিব পৰা নাই ।ৰিণ্টু আলি গোবৰ্ধনা হাই স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল । উক্ত ঘটনা অঞ্চলটোত শোকক ছাঁ পৰা পৰিলক্ষিত হৈছে ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …