নলবাৰীত বিবাহথলী পৰিণত হ’ল ৰনথলীলৈ: এজনক মৰিয়াই মৰিয়াই হত্যা

নিউজ ডেস্ক, অসম সংবাদ: নলবাৰীৰ ঘোঁৰাঠালত বিয়াৰ মাজতে এজনক মৰিয়াই মৰিয়াই হত্যা। ফটকা ফুটুৱাক কেন্দ্ৰ কৰি যতীন দাস নামৰ যুৱকজনক নৃশংসভাৱে হত্যা কৰিলে একাংশ উন্মত্ত যুৱকে। দৰা আহি পোৱাৰ পূৰ্বেই সংঘটিত হয় এই ঘটনা। ঘটনাৰ খবৰ পাই বিয়া পাতিবলৈ নাহিল দৰাপক্ষ। হত্যাকাণ্ড সন্দৰ্ভত এইপৰ্যন্ত কইনাঘৰৰ ৬জনক আটক কৰিছে আৰক্ষীয়ে। ধৃত জিতেন তালুকদাৰ, বিদ্যুৎ বৰ্মন, দীপাংকৰ তালুকদাৰ, অচ্যুত তালুকদাৰ আৰু বৰুণ তালুকদাৰ। কইনাঘৰৰ চোতালত মৃতদেহ ৰাখি প্ৰতিবাদ ৰাইজৰ। বৰ্তমান কইনাসহ সকলো আত্মীয় নলবাৰী থানাত। নিৰাপত্তাজনিত কাৰণত কইনাক থানাত ৰাখিছে আৰক্ষীয়ে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …