গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড

অসম সংবাদ,গোলাঘাট:গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড৷ নিমিষতে জ্বলি ছাই হ’ল পাচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান৷ গোলাঘাট নগৰৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড । অগ্নিকাণ্ডত দুখন হোটেল, এখন ফাৰ্মাচী, এটা লেবৰেটৰী আৰু এখন পান দোকান জাহ যায়৷ কেবালক্ষাধিক টকাৰ ঔষধ আৰু অন্যান্য সামগ্ৰী জাহ যায় । বৈদ্যুতিক বিজুুতিৰ বাবেই এই অগ্নিকাণ্ডৰ সন্দেহ । গোলাঘাট অগ্নিনিৰ্বাপক বাহিনীয়ে জুই সম্প্ৰসাৰণৰ পৰা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । পাঁচখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত মুক্তাৰ আলিৰ ফাৰ্মাচী আৰু
তৃপ্তি হোটেল, য়াকোৱ আলিৰ চেন্ট্ৰেল লেৱৰেটৰী , আচিফ শ্বাহৰ এখন হোটেল আৰু বাবলু আলিৰ এখন পান দোকান ভস্মীভুত ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …