বিবাহৰ আগদিনা হেৰাল দৰা

অসম সংবাদ,বৰভাগ : নলবাৰী জিলাৰ বৰভাগৰ কৰিয়াৰ সমীপৰ বিহদিয়া গাঁৱত বিবাহৰ আগদিনাই দৰা অন্তৰ্ধান হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । উল্লেখ্য যে,গাঁওখনৰ চফিকুল ইছলাম নামৰ যুৱকজনৰ সৈতে স্থানীয় এগৰাকী যুৱতীৰ আজি বিবাহৰ দিন ধাৰ্য্য কৰা হৈছিল। জানিব পৰামতে যুৱতীগৰাকীৰ সৈতে এই বিবাহত দৰাপক্ষৰ সন্মতি নাছিল যদিও কিছুদিন পুৰ্বে নলবাৰীত দৰা-কইনাহালৰ পঞ্জীয়ন বিবাহো সম্পন্ন হৈছিল । একেদৰে,আজি বিবাহৰ দিন ধাৰ্য্য কৰি কইনা গৃহৰ পৰিয়ালে নিজৰ আত্মীয় কুটুম্ব তথা গাঁওবাসীকো বিবাহলৈ আমন্ত্ৰণ জনাইছিল যদিও জোৰণৰ দিনাই সন্ধিয়া ৰহস্যজনকভাৱে হাজোৰ বুল্লুটৰ পৰা দৰা চফিকুল ইছলাম নোহোৱা হয় । ইয়াকে লৈ আজি বিবাহৰ দিনাই কইনাৰ ঘৰত হাহাকাৰ লাগে ।
এই ঘটনাক একাংশ লোকে পৰিকল্পিত নাটক বুলি অভিহিত কৰিছে যদিও দৰাৰ পিতৃ-মাতৃয়ে দৰাক অপহৰণ কৰা বুলি উল্লেখ কৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । আনহাতে, দৰাৰ পিতৃ মাতৃৰ সামঞ্জস্যহীন মন্তব্যৰ প্ৰতি লক্ষ্য ৰাখি এয়া এখন পৰিকল্পিত নাটক বুলিহে বহুতে সন্দেহ প্ৰকাশ কৰিছে ।অৱশ্যে আৰক্ষীৰ অনুসন্ধানতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।বাতৰি লিখাৰ পৰলৈ আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …