ডিমাকুছিত সন্ধানহীন যুৱকৰ অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ

ডিমাকু্‌ছিৰ পৰা তীৰ্থ শৰ্মা, অসম সংবাদ: বৰ্তমান ৰাজ্যৰ চাৰিওফালে কিছুমান দুষ্কৃতিকাৰীয়ে নিৰীহ লোকক নৃসংহ ভাৱে হত্যা কৰি অহা ঘটনাই তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে । সেই সময়তে আজি ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত ১ নং উত্তৰ ডিমাকুছিত ৰাতি পুৱা অৰ্দ্ধগলিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। উদ্ধাৰ হোৱা যুৱক জনৰ নাম ১ নং ডিমাকুছিৰ শশী মণ্ডলৰ পুত্ৰ গোপাল মণ্ডল (৩৫)। যোৱা ৮ জুলাই ৰবিবাৰে সন্ধিয়া প্ৰায় ৮ মান বজাৰপৰা সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে জানিব দিয়া মতে সন্ধিয়া কোনোবা লোকে ঘৰৰ পৰা মাতি লৈ গৈছিল । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ডিমাকুছি আৰক্ষী থানাত এক অভিযোগ দাখিল কৰে। আজি ৰাতিপুৱা ডিমাকুছিৰ ঋতিশ মণ্ডলৰ ব্যক্তিগত চাহ বাগিছাৰ মাজত গাঁতত মৃতদেহটো প্ৰত্যক্ষ কৰি ডিমাকুছি আৰক্ষীক অৱগত কৰে ঘটনাস্থলীত লগে- লগে আৰক্ষী উপস্থিত হৈ গেলি যোৱা মৃতদেহটো উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেদাৰচন,সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সংস্থা আৰু সদৌ বি.টি.চি. বঙালী ফেদাৰচনৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে উচিত চি. বি. আই. তদন্ত কৰি দোষীক কৰায়ত্ত কৰিব অসম চৰকাৰ আৰু বি. টি. চি. চৰকাৰক দাবী জনায়।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …