চলন্ত ৰেলত পুনৰ অৰ্ধউলংগ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

অসম সংবাদ, মৰিয়নী: পুনৰ চলন্ত ৰেলত মৃতদেহ উদ্ধাৰ। ডিব্রুগড়ৰ পৰা লালগড় অভিমুখী ১৫৯০৯ ডাউন অবোধ আসাম এক্সপ্ৰেছত এটা মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰেল খনৰ ইঞ্জিনটোৰ পাছতে লাগি থকা দবাৰ প্ৰচাৱগাৰত এগৰাকী মহিলাৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ হয়। মহিলাগৰাকীৰ ডিঙিত গামোচাৰে ফাছ লগাই থোৱা আছিল। প্ৰায় ৪৫ বয়সীয়া মৃত মহিলাগৰাকীৰ পৰিচয় এই পয্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। মৰিয়নী ৰেলৱে জংচনত মৃতদেহতো উদ্ধাৰ হয়। মৃতদেহ উদ্ধাৰ হোৱা দবাটো বিশেষ ভাবে সক্ষম লোকৰ বাবে সংৰক্ষিত আছিল। আৰু মৃতদেহ উদ্ধাৰৰ সময়ত দৱাটোত কোনো ব্যক্তি নাছিল।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …