ঝাড়ু আৰু বিচনীক কেন্দ্ৰ কৰি কাজিয়াত মহিলাৰ চোকা অস্ত্ৰৰ ঘাপত আহত যুৱক

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান, অসম সংবাদ: ঝাড়ু আৰু বিছনীক কেন্দ্ৰ কৰি সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। মহিলাৰ দাৰ ঘাপত আহত হয় এজন যুৱক ।এই ঘটনা সংঘটিত হয় নগৰবেৰাৰ চেনীমাৰাত । বুধবাৰে চেনীমাৰা গাওৰ স্বহিদুল ইছলামৰ পত্নী অনিমা বেগমৰ লগত পুৰ্বৰ সাধাৰন ঘটনাক লৈ কথা কটাকটি হয় একে গাওৰে ববিদুল ইছলামৰ সৈতে। পিচত এই ঘটনাই ভয়ংকৰ ৰূপ লয়। অনিমা বেগম নামৰ মহিলা গৰাকীয়ে উগ্ৰৰূপ ধাৰন কৰি চোকা দাৰে আক্ৰমন কৰে ববিদুল ইছলামক। মহিলাগৰাকীৰ চোকা দাৰ ঘাপত গুৰুতৰ ভাৱে আহত হয় যুৱকজন। এই ঘটনাই অঞ্চলটোক সৃষ্টি হৈছে চেপা উত্তেজনা। পিছত সংকটজনক অৱস্থাত যুৱকজনক ভৰ্তি কৰে নগৰবেৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত । ঘটনা সংক্ৰান্তত আহতৰ পৰিয়ালে নগৰবেৰা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …