কলগাছিয়াত বানপানীৰ অজুহাতত অভাৱনীয় হাৰত বৃদ্ধি শাক-পাচলিৰ মূল্য

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, অসম সংবাদ: কলগাছিয়াৰ পাচলি বজাৰত জুই । বানপানীয়ে মাধমাৰ সোধোৱাৰ পিছত এইবাৰ কলগাছিয়াৰ পাচলি বজাৰত লাগিছে জুই । পিয়াজে কন্দুৱাইছে গ্ৰাহকক । বানপানীৰ অজুহাতত অভাৱনীয় হাৰত বৃদ্ধি পাইছে শাক পাচলিৰ মূল্য । বজাৰ নিয়ন্ত্ৰণৰ দাবী ৰাইজৰ । উল্লেখ্য যে, কলগাছিয়াত বানপানী কমিছে যদিও বানপানীৰ সুযোগ লৈ একাংশ অসাধু মধ্যভোগী ব্যৱসায়ীয়ে নিজৰ ইচ্ছা মতে বৃদ্ধি কৰিছে শাক পাচলিৰ মূল্য । লগতে বৃদ্ধি পাইছে পিয়াজ, নহৰু, জলকীয়া আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম । নিয়ন্ত্ৰণহীন ভাবে মূল্য বৃদ্ধি হোৱাৰ ফলত সাধাৰণ গ্ৰাহক সকলে মাধমাৰ খাব লগা হৈছে । সেয়ে অতি শীঘ্ৰে চৰকাৰক বজাৰ নিয়ন্ত্ৰণ কৰি মূল্য বৃদ্ধি হ্ৰাস কৰিবলৈ ৰাইজে দাবী জনাইছে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …