দলংঘাট আদৰ্শ চিকিৎসালয়ত বিধায়িকা আঙুৰলতাৰ ছাডেন ভিজিট: অনুপস্থিত চিকিৎসকলৈ সাৱধানবাণী

অসম সংবাদ, বেবেজীয়া: কিদৰে চলিছে বটদ্ৰৱাৰ চৰকাৰী চিকিৎসালয় সমূহত চিকিৎসা সেৱা। চিকিৎসক আৰু পৰ্যাপ্ত ঔষধ উপলব্ধ আছেনে চিকিৎসালয়সমূহত। কি পৰিবেশত ৰোগী সকলে লাভ কৰিছে চিকিৎসা সেৱা। এই সকলো দিশৰ বুজ ল’বলৈ বুধবাৰে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত দলংঘাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ছাডেন ভিজিট দিলে সমষ্টিটোৰ বিধায়িকা আঙুৰলতা ডেকাই। দুপৰীয়াভাগত চিকিৎসালয়খনত হঠাৎ উপস্থিত হৈ বিধায়িকা গৰাকীয়ে ৰোগীসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে চিকিৎসালয় চৌহদ তথা কোঠাসমূহৰ পৰিস্কাৰ -পৰিচন্নতাৰ দিশটোৰ ওপৰতো তন্ন তন্নকৈ নিৰীক্ষণ কৰে। লগতে চিকিৎসা লয়খনৰ বিভিন্ন অভাৱ- অভিযোগ সন্দৰ্ভতো চিকিৎসা লয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ লগত আলোচনাত মিলিত হয়। আনহাতে, বিধায়িকাগৰাকী চিকিৎসালয়খনত উপস্থিত হোৱাৰ সময়তে এজন চিকিৎসক উপস্থিত নথকাক কেন্দ্ৰ কৰি খৰ্গহস্ত হৈ পৰে বিধায়িকা গৰাকী। এই সন্দৰ্ভত শীঘ্ৰে চিকিৎসক গৰাকী নিয়মীয়া কৈ চিকিৎসালয়ত উপস্থিত থাকি চিকিৎসা সেৱাহ আগবঢ়াবলৈ নিৰ্দেশ দিয়াৰ লগতে ভৱিষ্যতে এনে নকৰিবলৈও সকীয়াই দিয়ে বিধায়িকা গৰাকীয়ে। উল্লেখ্য যে, পৰ্যাপ্তু চিকিৎসক-চিকিৎসা-কৰ্মীৰ অভাৱ, ঔষধৰ নাটনি,নূন্য তম চিকিৎসা সুবিধা উপলব্ধ নথকাকে ধৰি বিভিন্ন সমস্যা ৰে ভাৰাক্ৰান্ত দলংঘাট আদৰ্শ চিকিৎসালয়খনিৰ অতি শীঘ্ৰে আন্ত:গাঠনি উন্নয়নৰ দাবী জনাইছে স্থানীয় ৰাইজে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …