মংগলদৈত সাংসদ ৰমেন ডেকাৰ বিৰুদ্ধে প্ৰতিবাদ: প্ৰতিমূৰ্তি দাহ

অসম সংবাদ, মংগলদৈ /দেওমৰনৈ: আজি দৰঙৰ মংগলদৈত সাংসদ ৰমেন ডেকাৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে । মংগলদৈ লোক সভাৰ সাংসদ গৰাকীৰ বিৰোদ্ধে ৰাজপথলৈ ওলাই আহিল দল সংগঠন । বুধবাৰে ৰমেন ডেকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি প্ৰতিমুৰ্তী দাহ কৰিলে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সদস্য সকলে । বিগত দহ বছৰত সাংসদ গৰাকীয়ে মংগলদৈ লোক সভা সমষ্টিত কোনো ধৰনৰ উল্লেখযোগ্য কাম নকৰাৰ লগতে সাংসদ গৰাকীয়ে নিৰ্বাচনৰ আগতে দিয়া দিয়া প্ৰতিশ্ৰুতি মতে দৰং জিলাক ৰেল মানচিত্ৰ অন্তভূক্তি কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা আৰু আজিলৈ কোনো এটা কাম হাতত লৈ সম্পুৰ্ণ কৰিব নোৱাৰাৰ অভিযোগ তুলি সাংসদ গৰাকীৰ প্ৰতিমুৰ্তী দাহ কৰে । লগতে এনে আৱৰ্জনা নালাগে বুলি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সদস্য সকলে কয় আৰু যোগ্য ব্যক্তিক আগলৈ দৰঙৰ টিকট দিবলৈ দাৱী জনায় ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …