গহপুৰত খহনীয়াগ্ৰস্ত সকলৰ মাজত মুখ্যমন্ত্ৰী সোণোৱাল: গৃহহীনৰ মাজত কান্দোনৰ ৰোল

গহপুৰৰ পৰা অৰূপ মহন্ত, অসম সংবাদ: আজি বিয়লি চাৰি বজাত গহপুৰৰ বুৰৈ নদীৰ গৰাখহনীয়া আৰু গহপুৰ নগৰেদি বৈ যোৱা চত্ৰং নদীৰ মথাউৰি চিগি সৃষ্টি হোৱা বান পৰিস্হিতিৰ বুজ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বুৰৈ ঘাটত মুখ্যমন্ত্ৰীক সন্মুখত পাই গৰাখহনীয়াত গৃহহীন হৈ আশ্ৰয় শিবিৰত থকা দুৰ্ভগীয়া লোকৰ কান্দোনৰ ৰোল উঠিল ।মুখ্যমন্ত্ৰীৰ ভৰিত পৰি বৰ্নণা কৰিলে নিজৰ দুৰৱস্হাৰ কথা। মুখ্যমন্ত্ৰীয়ে গৰাখহনীয়াৰ কাষলৈ গৈ পৰিস্হিতিৰ বুজ লৈ যাৱতীয় ব্যৱস্হা লবলৈ নিৰ্দেশ দিয়ে জলসস্পদ বিভাগক ।সংবাদ মাধ্যমৰ আগত ডেড লাইন মতে ৰাজ্যৰ ভগ্ন মথাউৰি সমূহ যোৱা ২৮ এপ্ৰিলত সম্পূৰ্ণ হোৱা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী কৰে ।নতুনকৈ যি খিনি সমস্যা উদ্ভৱ হৈছে পূঁজি আৱন্টনেৰে বিভাগক দায়িত্ব দিয়া হৈছে বুলি মন্তব্য কৰে । ইপিনে ২০১৭ চনৰ ২১ জুন তাৰিখে চত্ৰং নৈৰ মথাউৰি চিঙি বাসগৃহ বিধ্বস্ত কৰা দুৰ্ভগীয়া পৰিয়ালৰ দুখ দুৰ্দশা তথা আজি পৰ্যন্ত ক্ষতিপূৰণ পাবলৈ সক্ষম নোহোৱা সন্দৰ্ভত বুজ নোলোৱাৰ লগতে পুণৰবাৰ মথাউৰি চিগা অংশটো পৰিৰ্দশন নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰে দুৰ্ভগীয়া দম্পতিয়ে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …