জাঁজী ফুলপানীছিগাত পথ দুৰ্ঘটনা: আহত দুই

জাঁ‌জীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, অসম সংবাদ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজী ফুলপানীছিগাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আজি সন্ধ্যা প্ৰায় ৭ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত ২জন যুৱক গুৰুতৰ ভাবে আহত হয়। প্ৰাপ্ত বাতৰিমতে এ এছ ০৪ এন ৭৮৯৫ নম্বৰৰ আৰ ওৱান ৫ (য়ামাহা) মটৰচাইকেলেৰে শিৱসাগৰৰ পৰা জাঁ‌জী অভিমুখে আহি থকা অৱস্থাত বিপৰীত মুখী এখন ইণ্ডিগ’ গাড়ীয়ে খুন্দিয়াই থৈ যায়। ঘটনা সংঘটিত কৰিয়ে ইণ্ডিগ’ খনে পলায়ন কৰে। আহত যুৱক দ্বয়ক জাঁ‌জী জামুগুৰি বলমীয়া বেতনীচুকৰ সুমন গগৈ আৰু অভয়পুৰীয়াৰ অংকুৰ শইকীয়া বুলি জানিব পৰা গৈছে। গুৰুতৰ ভাবে আহত যুৱকদ্বয়ক প্ৰথমে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …