কেমব্ৰীজ এনালাইটিকাক তথ্য যোগান: ফে’চবুকে ভৰিব লাগিব ৫০০,০০০ পাউণ্ড জৰিমনা

নিউজ ডেস্ক, অসম সংবাদ: ব্ৰিটেইনৰ তথ্য সুৰক্ষাৰ নিৰীক্ষকে ফে’চবুক কৰ্তৃপক্ষক ৫০০,০০০ পাউণ্ড জৰিমনা বিহাৰ পৰিকল্পনা কৰিছে৷ কেমব্ৰীজ এনালাইটিকা তথ্য হৰলুকিৰ দুৰ্নীতিৰ অভিযোগতে এই বৃহৎ পৰিমাণৰ জৰিমনা বিহিব৷ এয়া হৈছে ব্ৰিটেইনৰ তথ্য সুৰক্ষা আইনে অনুমতি দিয়া সৰ্বাধিক পৰিমানৰ জৰিমনা৷ ব্ৰিটেইনৰ তথ্য আয়োগ কাৰ্যালয়ে অনুসন্ধানত লাভ কৰিছে যে ফে’চবুকে জনসাধাৰণৰ তথ্য সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে৷ সেয়ে মাৰ্ক জুকাৰবাৰ্কৰ ফে’চবুক কৰ্তৃপক্ষক এই বৃহৎ পৰিমাণৰ জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে৷ মন কৰিবলগীয়া যে ফে’চবুক কৰ্তৃপক্ষই কেমব্ৰীজ এনালাইটিকাক তথ্য যোগান ধৰাৰ তথ্য পোহৰলৈ অহাত আন ৰাষ্ট্ৰৰ লগতে ভাৰতৰ ৰাজনীতিটো তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল৷ ফে’চবুকৰ জন্মদাতা মাৰ্ক জুকাৰবাৰ্কে আনকি ক্ষমাও খুজিবলৈ বাধ্য হৈছিল৷

মন্তব্য

পঢ়িব পাৰে

বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া: এজনৰ মৃত্যু, চাৰিজন চিকিৎসাধীন

মুকালমুৱাৰ পৰা জয়ন্ত ডেকা, অসম সংবাদ: বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া। বিষক্ৰিয়া ঘটি এজনৰ মৃত্যু৷ একেটা …