যোৰহাটত স্বামীগৃহলৈ যোৱাৰ পথত সন্ধানহীন বোৱাৰী: মাতৃক বিচাৰি হাহাকাৰ কনমানি পুত্ৰৰ

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য,অসম সংবাদ: চাৰে চাৰি বছৰীয়া পুত্ৰ সন্তানক মাতৃগৃহত থৈ স্বামী গৃহলৈ যোৱাৰ পথত সন্ধানহীন হৈ আছে এগৰাকী বোৱাৰী । কণমানি পুত্ৰই এতিয়া মাতৃক বিচাৰি হাহাকাৰ কৰিছে। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখ মাউত গাঁৱত। গাঁওখনৰ মাণিক মহন্তৰ কণিষ্ঠা কন্যা মুনমী মহন্ত(২৫) যোৱা ৮ জুলাইত যোৰহাট ধলাজান পুৰণিমাটি সত্ৰৰ স্বামী গৃহলৈ যোৱাৰ পথত সন্ধানহীন হৈ আছে। জানিব পৰামতে চাৰে চাৰি বছৰীয়া কণমানি পুত্ৰক পিতৃগৃহত থৈ ৮ জুলাইত স্বামী গৃহলৈ বুলি যোৱা মুনমী যোৰহাটত উপস্থিত হোৱালৈকে ফোনত পিতৃগৃহৰ লগত যোগাযোগ আছিল। কিন্তু তাৰ পাছৰ পৰাই মুনমী সন্ধানহীন হৈ পৰাৰ লগতে মোবইল ফোনটো বন্ধ হৈ আছে। উল্লেখযোগ্য যে প্ৰায় ৭ বছৰৰ পূৰ্বে যোৰহাটৰ ধলাজান পুৰণিমাটি সত্ৰৰ দিলীপ মহন্তৰ লগত মুনমীৰ সামাজিক ভাবে বিবাহ হৈছিল। মুনমীৰ পিতৃগৃহই অভিযোগ কৰা কৰা মতে মুনমী ৰহস্যজনকভাৱে সন্ধানহীন হোৱা ঘটনাৰ আঁৰত স্বামীগৃহৰ হাত আছে। ইতিমধ্যে মুনমীৰ পিতৃগৃহই গৌৰীসাগৰ আৰক্ষীৰ ওচৰত উক্ত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। আনহাতে কোনোলোকে সন্ধানহীন মুনমী মহন্তৰ কিবা সন্ধান পালে নিকটবৰ্তী আৰক্ষী থানা অথবা ৭৬৬৪০৪৬০৭০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …