চেঙাৰ ৰৌমাৰী পাথাৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা ৰাইজৰ

অসম সংবাদ, চেঙা: বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী গাঁও ব্ৰহ্মপুত্ৰৰ খহনীয়াই উচন কৰাৰ পিছত এইবাৰ খহনীয়া আৰম্ভ হৈছে ৰৌমাৰী গাঁৱৰ পূৱ প্ৰান্তত অৱস্থিত ৰৌমাৰী পাথাৰত । দিনে নিশাই চলা এই খহনীয়াৰ ফলত ইতিমধ্যে কেইবাবিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে । খহনীয়াৰ আতংকত এতিয়া ৰৌমাৰী পাথাৰবাসীৰ নিদ্ৰাহৰণ হৈছে । অঞ্চলবাসীলৈ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । মূৰে কপালে হাত দিছে কৃষক ৰাইজে । কোনো কাণসাৰ নাই চৰকাৰৰ। যাৰ বাবে আজি গৰাখহনীয়াৰ কবলৰ পৰা ৰক্ষা পাবলৈ ৰৌমাৰী পাথাৰৰ ৰাইজ ওলাই আহিল হাতত দা-কোৰ হাতত লৈ৷ দুই শতাধিক লোকে বাঁহ কাটি সেইবোৰ পাৰ্কিউপাইনৰ দৰে স্থাপন কৰে খহনীয়াস্থলীত । দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকেও আজি নিজৰ সপোনৰ ঘৰটোৰ লগতে হেঁপাহৰ কৃষিভূমিখিনি ৰক্ষাৰ বাবে পুৱাৰে পৰা শ্ৰম কৰি গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰে । কামৰ মাজতে সাংবাদিকৰ আগত আজি চৰকাৰ আৰু স্থানীয় বিধায়ক শুকুৰ আলী আহমেদৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজে । যোৱা বছৰটোত ৰৌমাৰী পাথাৰৰ শ শ কৃষিভূমি জাহ যোৱাৰ উপৰি গৰাখহনীয়াৰ কবলত পৰি স্থানান্তৰ কৰিবলগীয়া হৈছিল কেইবাটাও বাসগৃহ । প্ৰাক্তন মন্ত্ৰী তথা স্থানীয় বিধায়ক শুকুৰ আলীয়ে গৰাখহনীয়াৰোধৰ বাবে আবণ্টন দিয়া ২৫ লাখ টকাৰ আঁচনিখনৰ নামত ৩ লাখ টকাৰহে কাম কৰি সমস্ত ধন ঠিকাদাৰৰ লগত বুজাবুজি কৰি বিষয়া-কৰ্মচাৰীয়ে আত্মসাৎ কৰা বুলিও ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে । ৰাইজৰ এই শ্ৰমদানে যাতে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰিব পাৰে তাৰেই আশা ৰৌমাৰী পাথাৰবাসীৰ । উল্লেখ্য যে যোৱা দুটামাহত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ৰৌমাৰী গাঁওত ত্ৰাসৰ সৃষ্টি কৰা খবৰ সংবাদ মাধ্যমত বাৰম্বাৰ প্ৰচাৰ হোৱাৰ পিছত জলসম্পদ বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক শুকুৰ আলী আহমেদে খহনীয়া পৰিদৰ্শন কৰে আৰু সাময়িকভাৱে পাৰ্কিউপাইনৰ ব্যৱস্থা কৰিবলৈ ধন আবণ্টন দিছে বুলি জানিব পৰা গৈছে । এতিয়া ৰৌমাৰী পাথাৰৰ খহনীয়া প্ৰতিৰোধত চৰকাৰে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হ’ব ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …