বৰভাগত যুৱকৰ সলিল সমাধি

অসম সংবাদ, বৰভাগ: নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত লৰমা বটাকুছিৰ এজন যুৱকৰ আজি পানীত পৰি মৃত্যু হয় । ঘৰৰ ওচৰৰে পুখুৰী এটাত মাছ মাৰিবলৈ গৈ মৃত্যুমুখত পৰা যুৱকজনৰ নাম চমচুল হক (৩৫)। উল্লেখ্য হাতত জাল লৈ পুখুৰীত মাছ মাৰিবলৈ যোৱা যুৱকজন বহু সময়লৈকে উভতি নহাত ঘৰত হাহাকাৰ লাগে । পিছত বিচাৰ খোঁচাৰ কৰাত যুৱকজনক পানীত উপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৃত্যুৰ সময়ত মাতৃ, এজন ভাতৃ আৰু তিনিগৰাকী ভগ্নী এৰি থৈ যোৱা যুৱকজনৰ এজন ভাতৃৰ যোৱা বছৰ মটৰ চাইকেল দুৰ্ঘটনাত মৃত্যু হৈছিল ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …