গোৱালপাৰা সৈনিক স্কুলত অঘটন: পুখুৰীত গা ধুবলৈ গৈ বহি:ৰাজ্যৰ দুই ছাত্ৰৰ সলিল সমাধি

অসম সংবাদ,গোৱালপাৰা: গোৱালপাৰা সৈনিক স্কুলত বহি:ৰাজ্যৰ পৰা বছৰেকীয়া খেলত অংশগ্ৰহণ কৰিবলৈ আহি সলিল সমাধি ঘটিল দুই ছাত্ৰৰ। জানিব পৰা মতে, পূৰ্ব সংমণ্ডল সৈনিক স্কুলবোৰৰ মাজত বছৰেকীয়া খেল চলি আছিল গোৱালপাৰা সৈনিক স্কুলত। এই খেলৰ আজি অৰ্থাৎ শুক্ৰবাৰে আছিল সামৰণি। খেলৰ সামৰণিৰ দিনাই ঘটিল অঘটন। খেল শেষ হোৱাৰ পিচতে পুনুলৱা সৈনিক স্কুল নাগালেণ্ডৰ পৰা অহা দুই ছাত্ৰই গা ধুবলৈ গৈছিল কাষৰে এটি পুখুৰীত। সাতোঁৰ নজনা বাবে পুখুৰীৰ দ’ পানীত পৰি মৃত্যুক আকোঁৱালি লয় ছাত্ৰ দুজনে। এই ঘটনা সংঘটিত হোৱাৰ পিচতে নিশা ৯ মান বজাত ছাত্ৰ দুজনক লৈ আহে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ। তাত চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বৰ্তমান ছাত্ৰ দুজনৰ মৃতদেহ মৰ্গত ৰখা হয়। কাইলৈ পুৱাৰ ভাগতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে ছাত্ৰ দুজন পুনুলৱা সৈনিক স্কুল নাগালেণ্ডৰ একাদশ শ্ৰেণীৰ কুদুনজো জাও আৰু আনুভী চফী বুলি চিনাক্ত কৰা হৈছে। তাৎপৰ্য্যপূৰ্ণ যে, এনে এটি দূৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পিচতো বাতৰি সংগ্ৰহৰ ক্ষেত্ৰত সাংবাদিকক বাধা প্ৰদান কৰে গোৱালপাৰা সৈনিক স্কুল কৰ্তৃপক্ষই। ইয়াৰ আঁৰত কি ৰহস্য থাকিব পাৰে? কিহৰ স্বাৰ্থত বাতৰি পৰিবেশনত বাধা দিয়ে সাংবাদিকক? আনফালে বহি:ৰাজ্যৰ পৰা অহা ছাত্ৰসকলক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত গাফিলতি কৰিছিল নেকি গোৱালপাৰা সৈনিক স্কুলে? এনে ধৰণৰ প্ৰশ্নও এতিয়া উত্থাপিত হৈছে ৰাইজৰ মাজত। এই ঘটনাৰ এক উচিত তদন্তও বিচাৰে ৰাইজে৷

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …