জনছন এণ্ড জনছনৰ সামগ্ৰী ব্যৱহাৰ কৰি কৰ্কটত আক্ৰান্ত: জৰিমনা দিব লাগিব ৪৭০ কোটি ডলাৰ

নিউজ ডেস্ক, অসম সংবাদ: যুক্তৰাষ্ট্ৰৰ বহুজাতিক কোম্পানী জনছন এণ্ড জনছনৰ পাউদাৰ ব্যৱহাৰ কৰি জৰায়ুৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ উঠিছে৷ ২২ গৰাকী নাৰীয়ে এই অভিযোগ কৰিছে৷ এই অভিযোগৰ বিচাৰ কৰি যুক্তৰাষ্ট্ৰৰ মিচৌৰি ৰাজ্যৰ এখন বিচাৰপীঠে কোম্পানীটোক প্ৰায় ৪৭০ কোটি ডলাৰ (২৯ হাজাৰ ৩৭৪ কোটি টকা) জৰিমনা আদায় দিয়াৰ নিৰ্দেশ দিছে৷ ইয়াৰ ভিতৰত ৫৫ কোটি ডলাৰ ক্ষতিপূৰণ হিচাপে আৰু ৪১০ কোটি ডলাৰ শাস্তিমূলক জৰিমনা হিচাপে ধৰা হৈছে যিটো সম্পূৰ্ণ অভিযোগকাৰীক দিব লাগিব৷
জনছন এণ্ড জনছনে এই ৰায়ত হতাশ হোৱা বুলি প্ৰকাশ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে আপীল কৰাৰ পৰিকল্পনা কৰিছে৷
উল্লেখ্য যে অভিযোগকাৰী ২২ গৰাকী নাৰীৰ ছগৰাকী ইতিমধ্যে জৰায়ুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে৷
মন কৰিবলগীয়া যে অসমতো জনছন এণ্ড জনছনৰ বেবী চোপ, লোচন, পাউদাৰ আদি ব্যৱহৃত হয়৷

মন্তব্য

পঢ়িব পাৰে

বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া: এজনৰ মৃত্যু, চাৰিজন চিকিৎসাধীন

মুকালমুৱাৰ পৰা জয়ন্ত ডেকা, অসম সংবাদ: বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া। বিষক্ৰিয়া ঘটি এজনৰ মৃত্যু৷ একেটা …