এছিয়াৰ ধনকুবেৰৰ শীৰ্ষত মুকেশ আম্বানী

নিউজ ডেস্ক, অসম সংবাদ: এছিয়া মহাদেশৰ ভিতৰতে ধনবান ব্যক্তি হিচাপে পৰিগণিত হৈছে উদ্যোগ প্ৰতিষ্ঠান ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী৷ শুক্ৰবাৰে আম্বানীৰ সম্পদৰ মূল্যই স্পৰ্শ কৰে ৪৪.৩ বিলিয়ন ডলাৰ৷ ইয়াৰ ফলস্বৰূপে আম্বানীয়ে চীনৰ আলিবাবা গ্ৰুপৰ মুখ্য বিষয়া জ্যাক মাক অতিক্ৰম কৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হয়৷

সংবাদ প্ৰতিষ্ঠান এন ডি টি ভিৰ মতে ব্লুমবাৰ্গ বিলিয়নিয়াৰ সূচক অনুসৰি শুক্ৰবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ মূল্য ১.৬ শতাংশ বৃদ্ধি পাই প্ৰায় ১ হাজাৰ ১০০ টকালৈ উন্নীত হৈ অভিলেখ গঢ়ে৷

উল্লেখযোগ্য যে বৃহস্পতিবাৰলৈকে জ্যাক মাৰ সম্পদৰ মূল্য আছিল ৪৪ ডলাৰ৷
চলিত বছৰত ৰিলায়েন্স পেট্ৰ’কেমিকেলৰ পৰিশোধন ক্ষমতা বৃদ্ধিয়ে আম্বানীৰ সম্পদৰ পৰিমাণ ৪ বিলিয়ন ডলাৰ বৃদ্ধি পাইছিল ৷ আনহাতে টেলিযোগাযোগ ক্ষেত্ৰটো ৰিলায়েন্স জিয়’ ইনফোকম লিমিটেডে ঈৰ্ষণীয় সফলতা লাভ কৰিছে৷ ইয়াৰ বিপৰীতে আলিবাবা গ্ৰুপৰ মুখ্য বিষয়া জ্যাক মাৰ চলিত বছৰত ১৪০ কোটি ডলাৰ লোকচানৰ সন্মুখীন হৈছে৷

মন্তব্য

পঢ়িব পাৰে

বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া: এজনৰ মৃত্যু, চাৰিজন চিকিৎসাধীন

মুকালমুৱাৰ পৰা জয়ন্ত ডেকা, অসম সংবাদ: বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া। বিষক্ৰিয়া ঘটি এজনৰ মৃত্যু৷ একেটা …