বালিপৰাত শিক্ষক হেমেন্দ্ৰ শইকীয়াৰ শিশু উপযোগী দুখনকৈ গ্ৰন্থ উন্মোচন

অসম সংবাদ, বালিপৰা: বালিপৰা অঞ্চলৰ শিক্ষক হেমেন্দ্ৰ শইকীয়াৰ দুখনকৈ শিশু তথা শিক্ষক উপযোগী গ্ৰন্থ আজি শুভ উন্মোচন কৰা হয় । বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত আজি শিক্ষা বিষয়া মনীষ ঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে শিক্ষক তথা গ্ৰন্থ দুখনৰ লেখক, সংকলক হেমেন্দ্ৰ শইকীয়াই । শিশু সাহিত্যক্ষেত্ৰত অৰিহণা যোগোৱাৰ লক্ষ্যৰে শিক্ষক হেমেন্দ্ৰ শইকীয়াই লিখি উলিওৱা ” মহা মহা পুৰুষৰ জীৱনৰ চানেকিৰে ” শীৰ্ষক জীৱনী গ্ৰন্থ আৰু অসমীয়া পুৰণি তথা জনপ্ৰিয় পদ্যৰ সংগ্ৰহ পদ্য সংকলন ” পুৰণি সোণালী কবিতা সংকলন ” শীৰ্ষক গ্ৰন্থ দুখন সভাখনত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ড০ সূৰ্যকমল বৰাই আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে । গ্ৰন্থ দুখন উন্মোচন কৰি বৰাই উন্মোচকৰ ভাষণত বৰ্তমান সময়ত সামাজিক মূল্যবোধৰ অৱক্ষয়, নৈতিক প্ৰমূল্যবোধৰ অভাৱ ঘটা, সামাজিক তথা যুৱ উৎশৃঙ্খলাৰ অন্যতম কাৰণ হিচাপে মহান মহান পুৰুষৰ জীৱনীসমূহ অধ্যয়নৰ অভাৱ ৰ লগতে তেওঁলোকৰ জীৱনৰ সফলতাৰপৰা শিক্ষা ল’ব নোৱাৰাটোও দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি সাধুকথাৰ অধ্যয়নকাৰ্যক একাংশই বাদ দিয়াটোও শুভ লক্ষণ নহয় বুলি কয় । এইক্ষেত্ৰত শিশু, শিক্ষক, অভিভাৱকৰ বাবে উক্ত গ্ৰন্থদুখনে সেই অভাৱ পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰি গ্ৰন্থ অধ্যয়নৰ যোগেদি জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰি সুনাগৰিক হোৱাৰ প্ৰচেষ্টা কৰিবলৈ সকলোকে আহ্বান জনায় । সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা ৰঙাপৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা অশ্বিনী কুমাৰ ডেকা, সাহিত্যিক, অনুবাদক ছত্ৰমান চুব্বা , শিক্ষক গৌৰৱ মহন্তই ভাষণ প্ৰসংগত শিক্ষকগৰাকীৰ শইকীয়াৰ শিশু , শিক্ষক উপযোগী প্ৰচেষ্টাৰ শলাগ লৈ প্ৰতিখন বিদ্যালয়ৰ শিশু, বিদ্যানুৰাগী শিক্ষকৰ লগতে অভিভাৱকৰ বাবে গ্ৰন্থ দুখন উৎকৃষ্ট হাতপুথি বুলি কয় । ” মহা মহা পুৰুষৰ জীৱনৰ চানেকি ” নামৰ জীৱনীমূলক গ্ৰন্থখনত সকলোৰে অনুপ্ৰেৰণাৰ শিক্ষাবিদ, বিজ্ঞানী, সমাজসেৱক ইত্যাদি ব্যক্তিত্বৰ চমু জীৱনী আৰু “পুৰণি সোণালী কবিতা সংকলন” খনত অসমীয়া পাঠ্যক্ৰমত পূৰ্বতে প্ৰচলিত তথা সমাজত বহুল প্ৰচলিত সৰ্বমুঠ ৩৫ টাৰো অধিক পদ্য সন্নিৱিষ্ট কৰিছে । সভাত শিক্ষক শইকীয়াই ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ “আখৰৰ আখৰা ” নামৰ এখন শিশুযোপযোগী কৰ্মপুথি বৰ্তমান ছপাশালত থকা বুলি ঘোষণা কৰি শিক্ষাৰ প্ৰসাৰৰ লক্ষ্যস্থিৰ কৰি বিশিষ্ট সাহিত্যিক ছত্ৰমান চুব্বা, যুৱ সাহিত্যিক প্ৰাঞ্জল প্ৰতিম বৰা আৰু তেখেত সমন্বিতে অনতিপলমে এখন শিশু উপযোগী মাহেকীয়া শৈক্ষিক বাৰ্তালোচনী আত্মপ্ৰকাশ ঘটিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰী জিলা লেখিকা পৰিষদৰ অধিৱেশন সামৰণি

অসম সংবাদ,নলবাৰী: আজি দিন যোৰা কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নলবাৰী জিলা লেখিকা পৰিষদৰ …