প্ৰীতিনীতি

নীলিম আকাশ কাশ্যপ

২০ জুলাই, ২০১৮ চন ৷ এই দিনটো ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ অন্য এক শুভংকৰ বাৰ্ত্তাবাহক দিন- মোৰ ব্যক্তিগত দৃষ্টিত ৷
কিন্তু কিয়?
অটল বিহাৰী বাজপেয়ী চৰকাৰৰ পৰৱৰ্তী পৰ্যায়ত, ডেৰ দশকৰ ব্যৱধানত পুনৰ এবাৰ কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা আহে ৷ এইবাৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ বিপক্ষে এই অনাস্থা ৷ এইমৰ্মে আস্থা-অনাস্থা ভোটক লৈ অনুস্থিত সদনকালত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীক নিজ ভাষণৰ শেষত যি কাৰ্য কৰিলে, সেই কামৰ বাবেই ৰাজনীতিৰ প্ৰতি তীব্ৰ এলাৰ্জি থকা মোৰ দৰে লোকৰ উপৰিউক্ত অনুভৱ ৷ সিদিনা টিভিৰ পৰ্দাত দেখিছিলোঁ যে নিজৰ ভাষণ শেষ কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীজনৰ ওচৰলৈ যায় ৷ দুয়োৱে কৰমৰ্দন কৰাৰ পাছতে গান্ধীয়ে মোদীক আলিংগন কৰে ৷ এনে আকস্মিক কাৰ্যত মোডী কেইপলকমানৰ বাবে আচৰিত হৈ পৰা যেন লাগে, কিন্তু তাৰ পিছতে শুভকামনাংগিকেৰে ৰাহুল গান্ধীৰ পিঠিত থপৰিয়াই দিয়ে ৷ মোডীক আলিংগন কৰাৰ প্ৰায় ২ মিনিট পাছতে গান্ধীয়ে কাৰোবালৈ চাই মাৰা ৰহস্যজনক চকুটিপৰ দৰেই অবিশ্বাসৰ প্ৰস্তাৱ অনাসকলৰ অভিযোগৰ to the point উত্তৰৰ পৰিবৰ্তে প্ৰধানমন্ত্ৰীজনে বাক্যবাণেৰে নিজৰ ভাষণ শেষ কৰাটো অন্য, ভিন্ন আলোচ্য প্ৰসংগ ৷ কাকতত পঢ়া মতে ভিন্নগৰাকীয়ে এই কাৰ্যক লৈ filmy script ৰাহুল গান্ধীয়ে follow কৰি দেখুৱালে জাতীয় বক্ৰোক্তি নকৰা নহয় ৷ কিন্তু মোডীক আলিংগন কৰা আৰু তাৰ পূৰ্বে গান্ধীয়ে ভাষণত কোৱা এষাৰি কথাই মোৰ মনত আশাবাদৰ ৰেঙণিহে কঢ়িয়াইছে ৷ কথাষাৰ বাৰু কি? ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীক উদ্দেশি ভাষণত কৈছিল যে প্ৰধানমন্ত্ৰীজনে তেওঁক পুতৌৰ সুৰেৰে পাপ্পু বুলিব পাৰে, তেওঁৰ প্ৰতি তীব্ৰ ঘৃণা, ক্ষোভ পুহি ৰাখিব পাৰে; কিন্তু কংগ্ৰেছৰ যুৱৰাজজনৰ মনত মোডীৰ প্ৰতি ইমানখিনিও (আঙুলিৰে তিলমাত্ৰৰ ইংগিত দেখুৱাই) ক্ষোভ কিম্বা ঘৃণা একোৱেই নাই ৷

ৰাজনীতি কূটনীতি! এই ধাৰণা এচামে সময়ে সময়ে পোষণ কৰাৰ উৰৰি একাংশৰ কৰ্মই প্ৰতীয়মান কৰিব খোজে যে ৰাজনীতিত প্ৰতিপক্ষই প্ৰতিপক্ষক শত্ৰুজ্ঞান কৰে ৷ এনে ধাৰণাক থানবান কৰি ৰাহুল গান্ধীয়ে মোডীক উদ্দেশি কোৱা কথাষাৰৰ পিছতে কৰা আলিংগনে মোৰ দৃষ্টিত আন এটা ‘বাট’ সৃষ্টিৰ ৰেঙণি কঢ়িওৱাৰ আশাবাদ দেখুৱাইছে, যিটো বাটৰ নাম থাউকতে মোৰ মনলৈ আহিছে ৷ বাটৰ নামটো- ‘প্ৰীতিনীতি’৷

মন্তব্য

পঢ়িব পাৰে

শিমুলটাপুত অচিনাক্ত মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

অসম সংবাদ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ সমীপত সোণকোষ নদীৰ পৰা …