মহুৰামুখৰ শিশু শিল্পী সকলৰ বলিষ্ঠ অভিনয়েৰে মহাপুৰুষজনাৰ অমৰ সৃষ্টি “ভাওনা” আয়োজন

অসম সংবাদ,কমাৰগাঁও: মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৰ সৃষ্টি ভাওনা হৈছে অসমীয়া জাতিৰ সংস্কৃতিক পৰিচয়স্বৰূপ। সেয়েহে গাঁৱে- ভূঞে, চহৰে- নগৰে আজিও বিদ্যমান ভাওনা । সৃষ্টিৰ পথাৰত কৃষ্টিৰ কঠিয়া সিঁচিবলৈ আগবাঢ়ি আহিছে কমাৰগাঁও উপকন্ঠ অঞ্চল মহুৰামুখৰ এদল শিশু । উল্লেখ্য যে আধুনিক যুৱ উশৃংখলতা পৰা শিশুসকলক আঁতৰাই ৰাখি এটা সৎ আৰু আধ্যাত্মিক পথৰ সন্ধান দিবলৈ অভিনয় প্ৰতি শিশুসকলক আগ্ৰহশীল কৰিবৰ বাবে, অভিনয় প্ৰতিভা বিকাশ , সৃষ্টিশীলতা বাবে, শিশুসকলৰ মাজত আধ্যাত্মিক জ্ঞান, ভাতৃত্ববোধ জাগৰণৰ লগতে মহাপুৰুষ জনাৰ অমৰ সৃষ্টি ভাওনাৰ সৈতে শিশু সকলক পৰিচয় কৰি তথা অসমৰ অতুলনীয় অসমীয়া ভাষা সংস্কৃতিক আগুৱাই নিয়াৰ মানসেৰে প্ৰতিবছৰে মহুৰামুখৰ বিশিষ্ট অভিনেতা তথা সমাজসেৱক অসীম বৰা, নিৰেন বৰা, দেৱকান্ত হাজৰিকা, মন্টু বৰা,মন্টু বৰা ,দিব্যজ্যোতি হাজৰিকা প্ৰতাপ কলিতা সুৰেন বৰা বাবুল বৰাৰদৰে ব্যক্তিসকলৰ অাপ্ৰাণ চেষ্টা শিশুসকলৰ মাজত প্ৰতিবছৰে শিশুসকলৰ গ্ৰীষ্মকালীন বিদ্যালয় বন্ধত একোখনকৈ মাতৃভাষা ভাওনা মঞ্চস্থ কৰি আহিছে । সেয়েহে এইবৰ্ষও অহা ২৯ জুলাই দেওবাৰে মহুৰামুখ চাৰিআলিস্থিত বাসুদেৱ প্ৰাথমিক শাখা নামঘৰত শিশু সকলৰ বলিষ্ঠ অভিনয়ৰে “কুণ্ডিল কুমাৰী” নামৰ এখনি নাট মঞ্চস্থ কৰিবলৈ আগবাঢ়িছে । তদুপলক্ষে উদ্যোগতা সমিতিয়ে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে ।

মন্তব্য

পঢ়িব পাৰে

দীর্ঘবিৰতিৰ অন্তত পাপনৰ কণ্ঠত ৰাজদ্বীপৰ ‘বাউলী মোৰ প্রিয়া’

-কল্যাণ কুমাৰ কলিতা অংগৰাগ পাপন মহন্তই নিজৰ কণ্ঠৰ যাদুৰে কেৱল অসমতে নহয়, সমগ্র ভাৰতবর্ষতে নিজৰ …