দেৰগাঁৱত ফেচবুকৰ “অসমীয়া কবিতা চৰ্চা” গোটৰ কবি সন্মিলন: দেশৰ বাহিৰৰ বিভিন্ন ঠাইত শাখা গঠনৰ প্ৰস্তুতি

মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ড,অসম সংবাদ: ফেচবুক ৰ জনপ্ৰিয় গোট “অসমীয়া কবিতা চৰ্চা” গোটৰ কবি সন্মিলন দেৰগাঁৱ শাখা সমিতিৰ উদ্যোগত দেৰগাঁৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । দিনৰ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটি হীৰুদাৰ ৮৭ সংখ্যক ওপজা দিন উপলক্ষে বন্তি প্ৰজলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি অনা কবি -সাহিত্যিক দুলাল নেওগে ।ইয়াৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ৮০ গৰাকীকৈ নবীন প্ৰবিন কবি ও গোটৰ সদস্য সকলৰ চিনাকি পৰ্ব সম্পন্ন হয় । ইয়াৰ পিছতে কবি সন্মিলন খনিৰ শুভাৰম্ভ কৰে আমন্ত্ৰিত অতিথি তথা দেৰগাঁৱ কমল দুৱৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক কুশল পূজাৰীদেৱে । অসমৰ বিশিষ্ট অনুবাদক সাহিত্যিক কবি তথা গোটৰ মূখ্য প্ৰশাসক আমিনুৰ ৰহমান ডাঙৰীয়াই দিয়া ভাষণত গোটৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বিতং ভাবে বৰ্ণনা কৰে । তেওঁ কবিতাক ইংৰাজীলৈ অনুবাদ কৰি বিশ্ব সাহিত্যৰ লগত সংযোজন কৰিব পাৰিলেহেঁ কাব্য চৰ্চাৰ সুফল পোৱা যাব আৰু নবীন কবিসকলৰ এইয়া এক স্বতন্ত্ৰ মঞ্চ বুলি উল্লেখ কৰে । দেৰগাঁৱ শাখাৰ সম্পাদক প্ৰশান্ত হাজৰিকাই আদৰিণ ভাষন প্ৰদান কৰা সন্মিলন খনি সঞ্চালনা কৰে বিশিষ্ট সমালোচক কবি চাইদা অঞ্জুমআৰা চৌধুৰীয়ে । দেৰগাঁৱ মিচিং সাহিত্য সভাৰ সভাপতি প্ৰদীপ দলে, যোৰহাট জিলা গোটৰ সভানেত্ৰী নিবেদিতা শর্মা, বিশিষ্ট কবি সাহিত্যিক হেমচন্দ্ৰ শইকীয়া, দেৰগাঁৱ শাখাৰ সভানেত্ৰী ইলি দত্ত বৰা, ব্ৰহ্মপুত্ৰ শাখা সাহিত্য সভাৰ সভাপতি আবেদুৰ ৰহমান, কবি পাৰিজাত বৰুৱা, শুভন বৰুৱা, বেদান্ত বৰা ,জেইচি খাউণ্ড আৰু মদাৰেটৰ অমৃত শৰ্মাই অংশগ্ৰহণ কৰে আৰু তেওঁলোকক একোখন ফুলাম গামোচা আৰু একোটাকৈ গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় । ৰাজেন্দ্ৰ পাতিৰ, পৰসমণি হাজৰিকা, টুনুমাই বৰা, চুমী গগৈ ,সুকণ্যা হাজৰিকা, জোনটি দেৱী, অৰূপ শৰ্মা,বসন্ত নিবিড়, দৃষ্টিৰূপা বৰদলৈ, পমপী শইকীয়া, পাৰিজাত বৰুৱা, দ্বীপ শইকীয়া, ৰঞ্জিত ভট্টাচাৰ্য, বিমান শইকীয়া, ৰফিক হুছেইন, প্ৰদীপ তামুলী, ৰাহুল অনুৰাগ, ৰীতা বৰদলৈ ,চেমিম আহমেদ, বিজিত ভাগৱতী, নীলমণি বৰা, মনটো হাজৰিকা ,চুমী গগৈ সহ ৪০ জন কবিয়ে স্বৰচিত কবিতা পাঠ কৰি কবি সন্মিলনখন জীপাল কৰি তোলে । উদীয়মান সুকণ্ঠী গায়িকা বিজুলী শৰ্মা, উদ্ধব পৰাশৰে গীত পৰিবেশন কৰা কবি সন্মিলন খনিৰ আঁত ধৰে গোটৰ মদেৰটৰ প্ৰীতি বৰাই । অমৃত শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱা সন্মিলন খনি অসম সংগীতেৰে সামৰণি পৰে বুলি গোটৰ সভানেত্ৰী ইলি দত্ত বৰা আৰু সম্পাদক প্ৰশান্ত হাজৰিকাই এক বিবৃত্তিৰ দ্বাৰা জানিবলৈ দিয়ে ।

মন্তব্য

পঢ়িব পাৰে

দীর্ঘবিৰতিৰ অন্তত পাপনৰ কণ্ঠত ৰাজদ্বীপৰ ‘বাউলী মোৰ প্রিয়া’

-কল্যাণ কুমাৰ কলিতা অংগৰাগ পাপন মহন্তই নিজৰ কণ্ঠৰ যাদুৰে কেৱল অসমতে নহয়, সমগ্র ভাৰতবর্ষতে নিজৰ …