লগন উকলি গ’ল

আইলুং লাহন বৰা

: তৰা,কিয় কৰিলা এনেকুৱা? কাৰ সৈতে পাৰ কৰিম এতিয়া এই জীৱন… কলিজাৰ টুকুৰাকেইটাকো লগতে লৈ গ’লা…কিয় এনে কৰিলা,তৰা…কিয় নুবুজিলা মোক? তোমাৰ সপোনবোৰ পূৰণ কৰিবলৈকেতো চেষ্টা কৰি আছিলো মই..ভাবিছিলো তুমি সুখী হ’বা..আমি চাৰিওটাই একেলগে হাঁহিম….তুমি সঁচাকৈয়ে ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰিলা,মোৰ কথা কিয় এবাৰো নাভাবিলা?????তোমাৰ ওচৰত নিজকে নিঃকীন যেন অনুভৱ কৰিবলৈ লৈছিলো,সেয়ে,মনে মনে বিভিন্ন ঠাইত নতুন নতুন কামৰ সন্ধান কৰিছিলো, তোমাক কেনেবাকৈ হ’লেও ক’তো হাত নপতাকৈ সুখৰ দুসাঁজ, গা ঢকা দুখন বস্ত্র,কনমানি দুটাক দুটামান খেলা বস্তু আৰু কেইখনমান কিতাপ-বহী উপহাৰ দিবলৈ মইও বিচাৰিছিলো… তৰা,মোকো লগতে লৈ নগ’লা কিয়,ইমান পৰ কৰি পেলালা মোক!!!

দুটা কনমানি ল’ৰাৰ সৈতে মৃতদেহ হৈ পৰি থকা তৰাৰ কাষত বিলাপ কৰি থাকিল সৌৰভে…কথাবোৰ কিয় আগতেই নজনালে সি তাইক,আৰ ঘৰত, তাৰ ঘৰত ল’ৰা দুটাক লৈ কম কষ্টৰে কাম কৰি ফুৰিছিলনে তাই..অভিমান কৰি কৰি বেচেৰী অতীত হৈ গ’ল..অথচ তাইক সুখী কৰিবলৈকে সি ৰাতিক দিন,দিনক ৰাতি কৰি কাম বিচাৰি ফুৰিছিল….

মন্তব্য

পঢ়িব পাৰে

এমুঠি জোনাক

নীলাভ জ্যোতি কোঁৱৰ সৰু কোঠাটোৰ ভিতৰলৈ ৰাজুক সোমাই অহা দেখি অপ্ৰস্তুত হৈ দুপাত্তাখনৰে বুকুখন ঢকাৰ …