এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকক আশ্ৰয় দিব মমতাই!

নিউজ ডেস্ক, অসম সংবাদ: এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নথকা ৪০ লাখ লোকক আশ্ৰয় দিব পশ্চিমবংগই৷ এই মন্তব্য কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ আজি অসমত প্ৰকাশ পোৱা জাতীয় দলিল এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা ৪০ লাখ লোকৰ নাম বাদ পৰাৰ পিচতে মমতা বেনাৰ্জীয়ে কয় যে চূড়ান্ত খচৰাত নাম নথকাসকলে বংগলৈ আহিব পাৰিব আৰু তাতেই বসবাস কৰিব পাৰিব৷ এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰাৰ পিচতে এখন সংবাদমেলত বেনাৰ্জীয়ে এই মন্তব্য কৰে৷ উল্লেখ্য কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি কয় যে এয়া এখন খচৰাহে৷ চূড়ান্ত তালিকা ডিচেম্বৰতহে প্ৰকাশ পাব৷ খচৰাৰ পৰা নাম বাদ পৰাসকলক বিদেশী বুলি গণ্য নকৰাৰ লগতে কোনো ব্যৱস্থাও গ্ৰহণ কৰা নহয় বুলিও তেও্ঁ স্পষ্ট কৰে৷

মন্তব্য

পঢ়িব পাৰে

শিমুলটাপুত অচিনাক্ত মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

অসম সংবাদ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ সমীপত সোণকোষ নদীৰ পৰা …