কংকনাৰ বিস্ফোৰণ: চিনেমাজগতত শাৰীৰিক সম্পৰ্কৰ বাবেই সকলো পাগল

নিউজ ডেস্ক, অসম সংবাদ: বিতৰ্কৰে ভৰা চিনেমাজগত৷ সেয়া বলীউডেই হওক কিম্বা হলীউডেই হওক৷ জড়িত হৈ আছে এখন এন্ধাৰ জগত৷ বিভিন্ন সময়ত একাংশ অভিনেত্ৰীয়ে চিনেমাজগতত চলা শৰীৰৰ খেলখনক লৈ অভিযোগ কৰি আহিছে কেৰিয়াৰৰ প্ৰতি লক্ষ্য ৰাখি বহুতেই নিৰৱতা অৱলম্বন কৰি আহিছে৷ ইয়াৰ মাজতে শেহতীয়াকৈ মুখ খুলিছে বলীউডৰ হট গাৰ্ল কংকনা ৰানাৱটে৷ কংকনাৰ মতে চিনেমা জগতত কোনো কাৰো বন্ধু নহয়, শাৰীৰিক সম্পৰ্কৰ বাবেই সকলো পাগল হৈ থাকে৷ এটা টেলিভিছন চেনেলত কংকনাই এই মন্তব্য কৰি কয় যে যিসকলে সন্মুখত বন্ধুত্ব দেখুৱায় তেওঁলোকৰ সৈতে স্বাৰ্থৰ সম্পৰ্ক আছে৷ বলীউডত শীৰ্ষত আহৰণ কৰাৰ বাবে বহুতে নকল বন্ধুত্ব দেখুৱায়৷ কিন্তু তাৰ মাজতে শাৰীৰিক সম্পৰ্ক নিহিত হৈ থাকে৷ বলীউডত স্থান পাবৰ বাবে বহুতেই শাৰীৰিক সম্পৰ্কৰ পথ বাচি লয়৷
কংকনাৰ এই মন্তব্যৰ পিচতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বলীউডত একাংশৰ মতে কংকনাই সঁচা কথাকেই কৈছে৷ আন একাংশৰ মতে সংবাদ শিৰোনামত থাকিবৰ বাবেই এনেদৰে কৈছে নায়িকায়৷

মন্তব্য

পঢ়িব পাৰে

শিমুলটাপুত অচিনাক্ত মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

অসম সংবাদ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ সমীপত সোণকোষ নদীৰ পৰা …