অসমৰ ছ’চিয়েল মিডিয়াত পুনৰ চৰ্চালৈ আহিছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি অ’বামা তনয়া

নিউজ ডেস্ক, অসম সংবাদ: অসমৰ ছ’চিয়েল মিডিয়াত হঠাতে ব্যাপক চৰ্চালৈ আহিছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ জীয়েক ছাশা৷ কিন্তু এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিৰ জীয়েক হিচাপে নহয় এখন ৰেষ্টোঁৰাৰ ৱেটাৰ হিচাপে গোপনে কাম কৰি থকাৰ বাবেহে চৰ্চিত হৈছে৷ অৱশ্যে ঘটনাটো ২০১৬ চনৰে ৷ চৰ্চা লাভ কৰা অনুসৰি আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি বৰাক অ’বামাৰ ১৫ বছৰীয়া জীয়ৰী ছাশা অ’বামাই গৰম বন্ধত নিজাকৈ সাধাৰণ মানুহৰ দৰে নিজ উপাৰ্জন কৰিব বাবে ৰেষ্টোঁৰাত কাম বিচাৰি ফুৰিছিল। কিন্তু বহু ৰেষ্টোঁৰাৰ মালিকে ছাশাৰ বৰণ ক’লা দেখি কাম নিদিয়াত বহু কষ্টৰ শেষত ছাশাই এখন ৰেষ্টোঁৰাত এটা কাম পালে। মাক দেউতাকেও ইয়াত বাধা নিদিলে। কিন্তু নিৰাপত্তা দিশটোত চকু দিবৰ বাবে গোপনে নিৰাপত্তাৰ ব্যৱস্থা কৰিলে। ঘৰত একো কাম কৰিবনলগীয়া ছাশাই ৰেষ্টোঁৰাত গ্ৰাহকক খাদ্য যোগান ধৰা, টেবুল চাফা কৰা আদি সকলো কাম কৰে। লগৰবোৰৰ লগত সাধাৰণ খাদ্য গ্ৰহণ আদিও অনিচ্ছা স্বত্ত্বেও কৰে। লাহে লাহে ছাশাৰ নিৰাপত্তাৰক্ষীৰ চাল চলনৰপৰা আৰু অৱস্থানৰপৰা ছাশাৰ প্ৰকৃত পৰিচয় জানিব পাৰি সকলো আচৰিত হ’ল। দেশ বিদেশৰ সংবাদ মাধ্যমতো এই বাতৰি প্ৰকাশ হ’ল।
অ’বামাৰ জীয়েক ছাশাৰ এই কাহিনীয়ে এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে যদিও এই ঘটনা দুবছৰ আগৰে৷ আচলতে ছাশাৰ কাম কৰা এনে মানসিকতাক এতিয়া বিভিন্নজনে প্ৰশংসাৰে ওপচাই দিছে৷
আমাৰ ইয়াত কৰ্ম কৰি খোৱাৰ পৰিবৰ্তে উৎকোচ দি হ’লেও চৰকাৰী চাকৰি কিনাৰ মানসিকতা গঢ়া সকলোৰ বাবে ছাশা অ’বামা নিশ্চয় আদৰ্শ হ’ব বুলিও বিভিন্নজনে মন্তব্য কৰিছে৷

মন্তব্য

পঢ়িব পাৰে

শিমুলটাপুত অচিনাক্ত মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

অসম সংবাদ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ সমীপত সোণকোষ নদীৰ পৰা …