দুৰ্নীতিৰ বিৰুদ্ধে অভিযান: ধ্বংস কৰা হ’ল ৪০ কোটি টকাৰ ৭৬ খন বিলাসী বাহন

নিউজ ডেস্ক, অসম সংবাদ: ১ কোটি, ২ কোটি নহয়৷ একেবাৰে ৪০ কোটি৷ কাৰবাৰ মামুলি নহয়৷
কিন্তু ৪০ কোটি টকাৰ এখন, দুখন নহয় ৭৬ খন বিলাসী বাহন ধ্বংস কৰা হ’ল নিমিষতে৷ এই ঘটনা সংঘটিত হ’ল ফিলিপাইনত৷ কিন্তু কিয় আৰু কোনে কৰিলে ধ্বংস? দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ বাবেই ফিলিপাইনত এনেদৰে ধ্বংস হ’ল ৭৬ খনকৈ বিলাসী বাহন৷ দেশখনৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগা দুতাৰ্তেই এনেদৰে এখন এখনকৈ ৭৬ খন বিলাসী বাহন ধ্বংস কৰে৷ কাৰণ দুৰ্নীতি৷ দুৰ্নীতি কোনোপধ্যেই দেখিব নোৱৰা বাবেই এইকঠোৰ নিৰ্দেশ জাৰি কৰি দুতাৰ্তেই বিশ্বলৈও এক বাৰ্তা প্ৰেৰণ কৰে৷
প্ৰাপ্ত তথ্য অনুসৰি ২০১৬ চনত ক্ষমতালৈ অহাৰ পিচতে দুতাৰ্তেই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে৷ কোটি কোটি টকাৰ বিলাসী বাহন ধ্বংস কৰা সন্দৰ্ভত তেওঁ কয় যে বাহনসমূহ ধ্বংস কৰাৰ প্ৰয়োজন আছিল৷ জানিব পৰা মতে ধ্বংস কৰা মাৰ্ছিডিছ, ল্যামবোৰঘিনি, হাৰ্লিসহ গাড়ী বা বাইকসমূহ বেআইনীভাৱে বিদেশৰ পৰা ফিলিপাইনলৈ আমদানি কৰা হৈছিল ৷ ইয়াতে ক্ষুণ্ন হৈ পৰে দুতাৰ্তে৷ আৰু এখন এখনকৈ ধ্বংস কৰে বেআইনীভাৱে অনা ৭৬ খনকৈ বিলাসী বাহন৷ মন কৰিবলগীয়া যে বাহনসমূহ ধ্বংস কৰাৰ সময়ত তেওঁ নিজে উপস্থিত আছিল৷

মন্তব্য

পঢ়িব পাৰে

শিমুলটাপুত অচিনাক্ত মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

অসম সংবাদ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ সমীপত সোণকোষ নদীৰ পৰা …