ওডালগুৰি জিলাৰ মানৱ সৃষ্ট এখন অৰণ্যৰ কথাৰে…

-ধীৰেন শইকীয়া

সমগ্ৰ বিশ্বতে গোলকীয় উষ্ণতা বৃদ্ধি সামগ্ৰীকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ বনাঞ্চলে মুখ্য ভূমিকা লব পাৰে বুলি আশীৰ দশকতে প্ৰকাশ হোৱাৰ পাছতো ঠায়ে ঠায়ে এচাম দুষ্ট প্ৰকৃতিৰ লোকে বনাঞ্চল ধ্বংস কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হৈ থকাৰ সময়ত অসমৰ ওডালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ মানৱ সৃষ্ট অৰণ্য এখনৰ বাতৰিয়ে মাজে মাজে সংবাদ শিৰোনাম দখল কৰি আহিছে। বিনন্দীয়া সেউজ পৰিবেশৰ অসম, ভূটান আৰু অৰুনাচল সীমান্ততেই অৱস্থিত এইখন ভৈৰৱকুণ্ড। গুৱাহাটীৰ পৰা ১৩২ কি:মি: দূৰত্বৰ অৱস্থিত ভৈৰৱকুণ্ডত স্থাপিত ধনশিৰি নদীৰ জলসিঞ্চন বান্ধৰ পৰা নাতিদূৰৈত প্ৰায় চাৰে পাঁচ হেজাৰ বিঘা মাটিত বিগত পোন্ধৰ বছৰে প্ৰায় পয়ত্ৰিশজন উৎসাহী যুৱকৰ এটা বেচৰকাৰী সংগঠনে  প্ৰায় পোন্ধৰ লাখ মূল্যবান গছপুলি ৰুই এখন অৰণ্য তিলতিলকৈ গঢ়ি তুলিছে। সভাপতি লেনিন দৈমাৰী আৰু  সম্পাদক ইছমাইল দৈমাৰীৰ নেতৃত্বত এই দলটোৱে ভাৰত চৰকাৰৰ বন বিভাগৰ নেছ’নেল এফৰেষ্টেচন প্ৰগেম(NAP)ৰ অধীনত Joint forest management committee চমুকৈ JFMC গঢ়ি তুলিছে ইয়াত । গছ-গছনিৰ বাবে এসময়ত অনুপযোগী বানপানীয়ে শিল-বালি পেলাই যোৱা মাটিত চৰকাৰী কেইবাগৰাকী বনবিষয়াৰ দিহা পৰামৰ্শতে এসময়ত গঢ়ি উঠিল আজিৰ এই মানৱ সৃষ্ট অৰণ্যখন। ভৈৰৱকুণ্ডৰ এই অঞ্চলটোত ১৯৭৯আৰু ১৯৮৯ এই দুয়োটা বছৰেই প্ৰবল বানপানী হৈছিল।বানপানীয়ে পূৰ্বতে ভৈৰৱকুণ্ডৰ ফৰেষ্ট বিভাগৰ অন্তৰ্গত এই অঞ্চলটো গছ-গছনি উটুৱাই লৈ গৈছিল।ঠাইখনত পেলাই থৈ গৈছিল এসোপা শিল আৰু বালি। তাত তেতিয়া গছনিৰ তিলমানো চিনচাব নাছিল। লাহে লাহে বিবিধ মানুহৰ ঠাইখনলৈ আগ্ৰাসনো হ’ল। তেতিয়া স্থানীয় পোন্ধৰখন গাঁৱৰ উৎসাহী যুৱক কেইজনমান লগ হৈ বৃহৎ অঞ্চলটোত বিবিধ গছপুলি ৰুবলৈ বহু চেষ্টা কৰিলে। এই কামত বন বিষয়া নৱ বৰদলৈ, উপায়ুক্ত-বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰ, বি টি এ ডি প্ৰশাসন আদিয়ে এই যুৱকসকলক গছপুলি ৰোৱাকে ধৰি বিভিন্ন প্ৰকাৰে সহায় কৰিব’লৈ ধৰিলে। সকলোৰে সহযোগিতাত দুহেজাৰ তিনি চনত ৫৫০০ বিঘাৰ এই গোটেই অঞ্চলটোতে চৈধ্য লাখ গছপুলি ৰুই সদস্যসকলে বহু কষ্টেৰে গঢ়ি তুলিছে আজি অৰণ্যখন। ওডালগুৰিৰ সাংবাদিক, বন সংৰক্ষক জয়ন্ত কুমাৰ দাসেও গুৱাহাটীৰ সংবাদ মাধ্যমৰ লগত জেএফ এম চি খনক যোগসূত্ৰ কৰি দিলে। পিছলৈ গুৱাহাটীৰ পৰা তালৈ গ’ল বিভিন্নজন পৰিৱেশ কৰ্মী প্ৰকৃতিবিদ, সংবাদকৰ্মী। আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমটো বাতৰিটোৱে গুৰুত্ব পালে। কিন্তু যেন আজিও বিষয়টো অৱহেলিত হৈ থাকিল অসমৰ সংবাদ মাধ্যমতহে। যি কি নহওঁক, তেতিয়াৰ পৰা ৰুই অহা বিবিধ মূল্যবান গছপুলিবোৰ আজি লাহে লাহে ডাঙৰ হৈছে। আৰু এনেদৰেই গঢ়ি উঠিল  মানৱ সৃষ্ট অৰণ্যখন। প্ৰধানত: খয়াৰ, ছিছু, গমাৰি, তিতাচপা, পাইন, শাল, চেগুন, ৰবৰ আদিৰে ভৰপুৰ অৰণ্যখন। এনেদৰে প্ৰকৃতিৰ বুকুত হৈ গ’ল আৰু এখন সেউজ দলিচা। এতিয়া গছ-গছনি ডাঙৰ হোৱাত ওচৰৰ পাহাৰ আৰু আন জংঘলৰ পৰা বিভিন্ন জীৱ-জন্তুৰো আগমন হ’ল। এনেদৰেই বাঘ, হৰিনা, জহামাল, শিয়াল, বান্দৰ, অজগৰ সাপ, ময়ুৰ, নেউল, বনৰীয়া মুৰ্গী, বিভিন্ন প্ৰকাৰৰ শামুক তথা সৰীসৃপ আহি বসতি ললেহি অৰণ্যখনত। আনকি কেইবছৰমান আগতে দক্ষিন এছিয়াৰ বিৰল উৰণীয়া সাপৰ (flying snake) প্ৰজাতি এটা  উদ্ধাৰ হৈছিল।

ভাৰত-ভূটান-অৰুনাচলৰ এই অঞ্চলটো পূৰ্বতে হাতীৰ কৰিডৰ আছিল যদিও বৰ্তমানে হাতীৰ বাবে অৰণ্যখনত পৰিকল্পিতভাৱে কলগছ,ঔটেঙা,বাঁহ আদি ৰুই দিয়াত বৰ্তমানে সেইবোৰ খাই হাতীয়ে কাকো অত্যাচাৰ নকৰাকৈ গুচি যায় বুলিও আমি গম পালো। অৰণ্যৰ ভিতৰতে পুখুৰী খান্দি মাছো পুহিছে জে এফ এম চি খনে । অৰণ্যৰ এটা ভাগত ৰবৰৰ খেতিও কৰা হয়। ভবিষ্যতৰ বাবে কঠাল আৰু নেমু পৰিকল্পিতভাৱে ৰোৱাৰ এক প্ৰকল্পৰ কথাও ক’লে বিষয়ববীয়াসকলে। শেহতীয়াভাবে জে এফ এম চি খনৰ কামকাজৰ কথা দেখি তেওঁলোকলৈ আগবঢ়োৱা হৈছে বিভিন্ন বঁটা আৰু পুৰস্কাৰ। জনামতে বালিপাৰা ফাউণ্ডেশ্যনে আগবঢ়াইছে এটা তেনে বঁটা। কাজিৰঙা ৱাইলড লাইফ চ’ছাইটিৰ পৰাও পূৰ্বে লাভ কৰিছে এনে বঁটা। ইয়াৰোপৰি জে এফ এম চি খনে পাইছে এনে বহু গ্ৰীন এৱাৰ্ড।

গেটচিমনি জেএফএমচি’

পৰৱৰ্তীকালত এইখন জে এফ এম চিৰ নাম দিয়া হ’ল ‘গেটচিমনি জেএফএমচি’। গেটচিমনি হ’ল জেৰুজালেমৰ ‘mount of olive’ নামৰ পৰ্বতখনৰ কাষৰ এখন পৱিত্ৰ অৰণ্য। অৰণ্যখনৰ বিশেষত্ব এয়ে যে ত্ৰুছবৃদ্ধ কৰাৰ আগতে ইয়াতেই ভগৱান যিশু আৰু তেওঁৰ শিষ্যসকলে লগ হৈ তেওঁক হত্যাৰ বাবে অহৰহ লিপ্ত থকা দুষ্ট ষড়যন্ত্ৰকাৰীহঁতক ঈশ্বৰে যাতে ক্ষমা কৰে তাৰবাবে প্ৰাৰ্থনা কৰিছিল। জেৰুজালেমৰ এই মহান অৰণ্যখনৰ নামেৰেই  ভৈৰৱকুণ্ডৰ এই জেএফ এমচিখনৰ নাম দিয়া হয় ‘গেটচিমনি জেএফএমচি’।

কেনেকৈ যাব তালৈ?

গুৱাহাটীৰ পৰা ওডালগুৰিলৈ বাছ আৰু ৰেলৰ যাতায়াতৰ সুচল  ব্যৱস্থা আছে। ওডালগুৰিৰ পৰা  ভৈৰৱকুণ্ডৰ দূৰত্ব প্ৰায় পচিশ কিলোমিটাৰ। ওডালগুৰিৰ পৰা ভাড়া গাড়ীও পোৱা যায়।

ক’ত থাকিব?

আজিকালি জে এফ এম চিত থকা খোৱাৰ কৰাৰ লগতে ৰাতি যাপনৰো সুব্যৱস্থা কৰিছে জে এফ এম চিয়ে। তাৰ বাবে মূল্য দি আগতীয়াকৈ জনালে সকলো সুবিধা পোৱা যায় তাত।

মন্তব্য

পঢ়িব পাৰে

শিমুলটাপুত অচিনাক্ত মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

অসম সংবাদ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ সমীপত সোণকোষ নদীৰ পৰা …