শ্বিলং-চেৰাপুঞ্জীৰ দৰেই মনোৰম প্ৰাকৃতিক সৌন্দৰ্য: চানডুবিৰ সমীপৰ এটা বিশেষ জলপ্ৰপাত

আজাৰাৰ পৰা অজয় দাস, অসম সংবাদ: এতিয়া গ্ৰীষ্মৰ সময়, আপুনি হয়টো কোনোৱা শীতল ঠাইত গৈ প্ৰকৃতিৰ দৃশ্য ভোগ কৰিব যোৱাৰ কথা পৰিকল্পনা কৰিছে । যদি কৰিছে তেন্তে আহক অসমতে থকা এটি বিশেষ জলপ্ৰপাতলৈ । গুৱাহাটীৰ মহানগৰীৰ পৰা কিছূ দূৰৈত থকা ঐতিহ্যময় চানডুবি বিলৰ পৰা প্ৰায় ৫ কিঃমিঃ নিলগত অৱস্থিত এই জলপ্ৰপাতটোৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰা আহিছে পৰ্যটক। আপুনিও যদি চিলং, চেৰাপুঞ্জিলৈ যোৱাৰ কথা ভাবিছে তেন্তে আহক এবাৰ ইয়ালৈ, আপোনাৰো মন মুহিত কৰিব এই জলপ্ৰপাতে । এই জলপ্ৰপাতটোলৈ যাওতে আপুনি পথৰ দুয়োকাষে ভোগ কৰি যায় থাকিব পাৰিব চাহ বাগিচা আৰু মূল্যৱান শাল গছৰ বিৰল দৃশ্য। অসম-মেঘালয় সীমান্তত লাগি থকা এই জলপ্ৰপাতৰ চৌপাশে আৱৰি আছে সেউজীয়া পাহাৰে । সকলোৰে মন মুহিত কৰিব পৰা এই জলপ্ৰপাতটো বৰ্তমানেও ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে ঢুকি পোৱা নাই । যাৰ ফলত প্ৰচাৰ তথা বিভিন্ন ক্ষেত্ৰৰ পৰা অৱহেলিত হৈ আছে এই জলপ্ৰপাতটো ।

ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে এই জলপ্ৰপাতটো নিজৰ অধীনত ল’লে জলপ্ৰপাতটোৰ পৰা সংগ্ৰহ হ’ব বৃহৎ ৰাজহ । যদিহে এই জলপ্ৰপাতটো ৰাজ্যৰ পৰ্যটন বিভাগে নিজত অধীনত নলয় তেন্তে হয়টো অতিসোনকালে পলাশবাৰী সমষ্টিৰ বাৰেগাওৰ সকলোৰে মনমুহিত কৰিব পৰা এই বৃহৎ জলপ্ৰপাতটো মেঘালয়ে অসমৰ বুকুৰ পৰা কাঢ়ি লৈ গৈ মেঘালয়ৰ মানচিত্ৰত অৰ্ন্তভুক্ত কৰি ল’ব । সেয়ে সময় থাকোতে পৰ্যটন বিভাগক কিবা এটা দায়িত্ব গ্ৰহন কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে।

মন্তব্য

পঢ়িব পাৰে

কেঁচা গাজি মগুৰ উপকাৰিতা জানো আহক

ডা: মনোজ কুমাৰ শইকীয়া (সংগ্ৰহীত) প্ৰতিদিনে ৫০ গ্ৰাম গাজি মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ …