হিৰুদাৰ স্মৃতিত ‘ঐক্যতান’ শীৰ্ষক কবিতা সংকলন আৰু ‘মানাস দৰ্পণ’ উন্মোচন

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ, অসম সংবাদ:
বৰপেটাৰোডৰ মানাস দৰ্পণ পত্ৰিকা গোষ্ঠীৰ উদ্যোগত আজি বৰপেটাৰোড প্ৰেছ ক্লাবত সুগন্ধি পখিলাৰ কবি হীৰুদাক স্মৰণ আৰু মানাস দৰ্পণৰ দ্বাদশ বৰ্ষপূৰ্তিৰ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ মানাস দৰ্পণৰ সভাপতি জীতেন নাথৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটো বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে বিশিষ্ট কবি ডাঃ হৰেন চৌধুৰীয়ে ৷ বৰপেটাৰোড পৌৰসভাৰ সভানেত্ৰী সবিতা দেৱনাথে বিশিষ্ট অতিথি হিচাবে উপস্থিত থকা অনুষ্ঠানটোত অধ্যাপক ডঃ হেমন্ত ডেকাই নিৰ্দিষ্ট বক্তা হিচাবে বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত হীৰুদাৰ স্মৃতিত ‘ঐক্যতান ‘ নামৰ এখনি কবিতা সংকলন আৰু মানাস দৰ্পণৰ দ্বাদশ বৰ্ষৰ প্ৰথম সংখ্যাটি উন্মোচন কৰা হয় ৷ মানাস দৰ্পণ পত্ৰিকা গোষ্ঠীৰ সম্পাদক সমীৰ চক্ৰৱৰ্তীয়ে আঁত ধৰা অনুষ্ঠানটোত কবি ধ্ৰুৱ তালুকদাৰৰ সঞ্চালনাত এখনি কবি সন্মিলনৰো আয়োজন কৰা হয় ৷ উক্ত কবি সন্মিলনত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কবি সকলে স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ৷

মন্তব্য

পঢ়িব পাৰে

নলবাৰী জিলা লেখিকা পৰিষদৰ অধিৱেশন সামৰণি

অসম সংবাদ,নলবাৰী: আজি দিন যোৰা কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নলবাৰী জিলা লেখিকা পৰিষদৰ …