দৰঙৰ মঙ্গলদৈত শ্মশানত বাস এহাল বৃদ্ধ দম্পতীৰ: সহায়ৰ বাবে আগবাঢ়ি আহিল বহুজন

অসম সংবাদ, মংগলদৈ/দেওমৰনৈ: দৰং জিলাৰ মঙলদৈ ৰামহৰি চান্দোৱাল পাৰাত বিগত প্ৰায় 15 বছৰ মান ধৰি এহাল বৃদ্ধ দম্পতী এখন ৰাজহুৱা শ্মশানত এটি উৰুখা পজাত জীৱন নিৰ্বাহ কৰি আছিল ৷ তেখেত সকলৰ সন্তানৰ ইতিমধ্যে মৃত্যু হৈছে ৷ এই বিষয়টো দৃষ্টিগোচৰ হয় ৰামহৰি আঞ্চলিক যুৱ মঞ্চৰ সদস্য সকলৰ ৷ সমাজকৰ্মী বাবুল কিশোৰ বৰুৱাই বিভিন্ন জনৰ সহায় বিছাৰি সংবাদ মাধ্যমৰ কাষ চাপে ৷ এই ক্ষেত্ৰত সাংবাদিক নৱজ্যোতি মহন্ত আৰু হিমাদ্ৰী কুমাৰ শৰ্মাই আগভাগ লয় ৷ আৰক্ষী বিষয়া (SP FRRO ) সুশান্ত বিশ্ব শৰ্মাৰ অৱগত হোৱাত বৃদ্ধ ভূপেন বিশ্বাস (৭৫) বছৰ আৰু শুৱলা বিশ্বাস (৭০) বছৰ সমষ্ট দ্বায়িত্ব লয়। ৷ এখন দোকান থিক কৰি দি খোৱাৰ ৰেচন মাহেকীয়া ভাবে লবলৈ ইতিমধ্যে ৰাইজৰ আগত ইচ্ছা প্ৰকাশ কৰিছে ৷ কেইবাগৰাকীও ব্যক্তিয়ে সহায় কৰে সেই সকলৰ ভিতৰত দীপ্তি বড়ো গোৰেশ্বৰ খগেন বড়ো, হিতেশ ডেকা মঙলদৈৰ পৌৰপতি প্ৰতাপ বৰদলৈ আদি ৷ বিধায়ক গুৰুজ্যোতি দাসে লাইট দমকল দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ আৰু বহুতো মানুহে অসমীয়া মানুহক বঙালী বিৰোধী বুলি কয় কিন্ত এয়া এক অন্য নিদৰ্শন ৷ সুশান্ত বিশ্ব শৰ্মাৰ মহান কৰ্মৰ সলাগ লৈছে ৰাইজে ৷ এনে মহান কাৰ্যক বহুতে প্ৰশংসা কৰিছে ।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …