অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰৰ মহানুভৱতা: ৰুগীয়া কিশোৰলৈ আৰ্থিক সহায়

অসম সংবাদ, অভয়াপুৰী: সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি “মানুহে মানুহৰ বাবে” গীতটিৰ যেন বাস্তৱ প্ৰতিফলন ঘটালে অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ৷ অভয়াপুৰী মহাবিদ্যালয়ত কৰ্মৰত এগৰাকী অস্থায়ী চাফাই কৰ্মী ৰামেশ্বৰী ৰবি দাসৰ কণিষ্ঠ পুত্ৰ হৰিওম ৰবি দাস যোৱা কেবামাহ ধৰি আক্ৰান্ত হৈ আছে জটিল ৰোগত ৷ তেজত হিম’গ্লবিনৰ পৰিমাণ যথেষ্ট বেছি হোৱাৰ লগতে বৃক্কৰ ৰোগতো আক্ৰান্ত হৰিওম ৷ আৰ্থিকভাৱে দুৰ্বল ৰামেশ্বৰী ৰবি দাস পুত্ৰ হৰিওমৰ চিকিৎসাৰ বাবে গোটাব পৰা নাই ধন ৷ কিয়নো সাতবছৰীয়া কিশোৰগৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজন এক বৃহৎ পৰিমাণৰ টকাৰ প্ৰয়োজন । বহুজনৰ ওচৰত আৰ্থিক সহায় বিচাৰি বিফল হ’ব লগা হৈছে ৰামেশ্বৰী ৰবি দাস ৷ মহাবিদ্যালয়ৰ চাফাই কৰ্মী ৰামেশ্বৰী ৰবিদাসৰ পুত্ৰৰ এই কাহিনী শুনাৰ পিছত বুধবাৰে ওলাই আহি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰী ৷ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মহাদেৱ বৰ্মন আৰু মহাবিদ্যালয় আছু গোটৰ সভাপতি কংকন বায়নৰ নেতৃত্বত অতি কম সময়ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলৰ পৰা প্ৰায় পাঁচ হাজাৰ টকা সংগ্ৰহ কৰি তুলি দিয়ে ৰামেশ্বৰী ৰৱি দাসৰ হাতত ৷ স্বাভাৱিকতে ছাত্ৰ-ছাত্ৰীসকলৰ এই কাৰ্যত আশাৰ ৰেঙণি দেখা পাইছে ৰামেশ্বৰী ৰবি দাসে ৷ ইপিনে এতিয়াও কিশোৰগৰাকীৰ উপযুক্ত চিকিৎসাৰ বাবে প্ৰয়োজন এক বৃহৎ পৰিমাণৰ ধনৰ । কোনোবা হৃদয়ৱান লোকে যদি সহায় কৰিব বিচাৰে তেন্তে অভয়াপুৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সা: সম্পাদক মহাদেৱ বৰ্মণৰ (ভ্ৰাম্যভাষ ৭৫৭৭৮৫৯৪২৬) লগত যোগাযোগ কৰিব পাৰিব ৷

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …