ভাৰতত বন্ধ হ’ব ফে’চবুক, হোৱাটছএপ!

নিউজ ডেস্ক, অসম সংবাদ: দেশত বন্ধ হ’ব পাৰে আপুনি মই সদায় ব্যৱহাৰ কৰি থকা ফে’চবুক, হোৱাটছএপ৷ চৰকাৰৰ শেহতীয়া এক নিৰ্দেশনাই তাৰেই ইংগিত বহন কৰিছে৷ অতিৰিক্ত নিৰাপত্তা বজাই ৰখাৰ স্বাৰ্থত ভাৰতত দেশত প্ৰয়োজন অনুসৰি ফে’চবুক, ইনষ্টাগ্ৰাম, হোৱাটছপ, টেলিগ্ৰাম আদি ছ’চিয়েল ছাইটসমূহ বন্ধ কৰি দিব পাৰে৷ জাতীয় নিৰাপত্তাৰ স্বাৰ্থত দেশজুৰি তৎপৰ হৈ পৰা টেলিকম বিভাগে এই পৰিকল্পনা কৰিছে৷
উল্লেখযোগ্য যে ভাৰতৰ তথ্য প্ৰযুক্তি আইনৰ ৬৯এ ধাৰা অনুসৰি দেশৰ সাৰ্বভৌমত্ব আৰু ঐক্য, প্ৰতিৰক্ষা, নিৰাপত্তা, বৈদেশিক ৰাষ্ট্ৰৰ সৈতে বন্ধুত্ব বিঘ্নিত বা ক্ষতিগ্ৰস্ত হ’লে কেন্দ্ৰীয় চৰকাৰে ইণ্টাৰনেটৰ মাধ্যমত প্ৰেৰণ কৰা তথ্য বন্ধ কৰি দিব পাৰে৷ এই লৈয়ে দেশৰ টেলিযোগাযোগ বিভাগে যোৱা ১৮ জুলাইত টেলকো প্ৰতিষ্ঠান আৰু ইণ্টাৰনেট সেৱাপ্ৰদানকাৰী প্ৰতিষ্ঠানসমূহলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰিছে৷ উক্ত নিৰ্দেশনাৰ জৰিয়তে ফে’চবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, টেলিগ্ৰাম তথা এই জাতীয় মোবাইল এপ বন্ধৰ সাম্ভাব্য বিকল্প উপায় উদ্ভাৱন কৰিবৰ বাবে কোৱা হৈছে৷
মন কৰিবলগীয়া যে জনপ্ৰিয় সামাজিক যোগাযোগ মাধ্যমৰ দ্বাৰা ভাইৰেল হৈ পৰা উৰাবাতৰি তথা মিছা খবৰৰ বাবেই ভাৰতৰ বিভিন্ন প্ৰান্তত গণপ্ৰহাৰ, হত্যাকাণ্ড আদি ঘটনা সংঘটিত হৈছে৷ ইয়াৰ পিচতে ভাৰত চৰকাৰে এইবোৰ ছাইটৰ দায়বদ্ধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷
দেশৰ টেলিকোম বিভাগৰ এক সূত্ৰই জানিব দিয়া অনুসৰি চৰকাৰৰ এই পত্ৰৰ উত্তৰত হোৱাটছএপ কৰ্তৃপক্ষই জনাইছে যে নিৰ্দিষ্ট বাৰ্তা বা মেছেজ ঠিক ক’ৰ পৰা উৎপত্তি হয় বা ইয়াৰ বিষয়বস্তু কি সেয়া সংস্থাটোৰ পক্ষে জনাটো সম্ভৱ নহয়৷

মন্তব্য

পঢ়িব পাৰে

শিমুলটাপুত অচিনাক্ত মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

অসম সংবাদ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ সমীপত সোণকোষ নদীৰ পৰা …