নাট্য জগতত সংযোজন ঘটিল ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ

অসম সংবাদ,সৰ্থেবাৰী: কাঁহশিল্প নগৰী সৰ্থেবাৰীৰ পৰা আত্মপ্ৰকাশ ঘটিল এটি নতুন নাট্য দলৰ । যাত্ৰা দলক এক নতুন গতি প্ৰদানৰ লক্ষৰে আত্মপ্ৰকাশ ঘটা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ আনুষ্ঠানিক ভাৱে বুধবাৰে মুকলি কৰা হয় । যাত্ৰা দলক নতুন চিন্তা চৰ্চাৰে আগুৱাই নি দৰ্শকক ৰুচিশীল নাট প্ৰদান কৰাৰ লক্ষ্যৰে আত্মপ্ৰকাশ ঘটা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলৰ আখৰা গৃহ আনুষ্ঠানিক ভাৱে মুকলি কৰে সু-সাহিত্যিক, চিন্তাশীল লেখক তথা বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে। আখৰা গৃহ মুকলি কৰি উপায়ুক্তগৰাকীয়ে কয় যে বৰপেটা জিলা আৰু ভ্ৰাম্যমাণ জগতৰ বাবে আজি এটা উল্লেখযোগ্য দিন । নাট্য জগতত সংযোজন হ’ল এটি নতুন নাট্যদল। বৰপেটা জিলা ভ্ৰাম্যমাণৰ সুন্দৰ কঠিয়াতলি বুলি কোৱাৰ লগতে পাঠশালা ভ্ৰাম্যমাণ জগতৰ ৰাজধানী বুলিও উল্লেখ কৰে উপায়ুক্তগাৰকীয়ে । সুমন চৌধুৰী আৰু পিজে প্ৰিন্সে পৰিকল্পনাত জন্ম লাভ কৰা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলে দৰ্শকক আপ্লুত কৰিব বুলি আশা প্ৰকাশ কৰা উপায়ুক্ত থানেশ্বৰ মালাকৰে নাট্য দলটোক সমাজৰ বাবে বিশেষ বাৰ্তা কঢ়িওৱাৰ বাবে সততে সচেষ্ট হ’বলৈ আহ্বান জনায় । অনুষ্ঠানৰ আৰম্ভনিতে নটৰাজৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে । ইপিনে নাট মুকলি কৰে বৰপেটা জিলাৰ সদৰ উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই । বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আছু নেতা প্ৰদীপ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ভবেন বৰুৱাৰ বলিশালৰ বালিকা আৰু শ্যামসুন্দৰ জালানৰ অৰ্ধাংগিনী নাটক দুখনেৰে প্ৰথম নাট্যবৰ্ষৰ পাতনি মেলিবলৈ পৰিকল্পনা কৰা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলটোৱে এইবাৰ নাট্য জগতত এক নতুন বাৰ্তা বহন কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …