কাজিৰঙাৰ কহঁৰাত শতাধিক চোৰাং গৰুসহ চাৰিখন গাড়ী জব্দ

কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়া,অসম সংবাদ: কাজিৰঙাৰ কঁহৰাত জব্দ নীতি বহিৰ্ভূত ভাৱে গৰু কঢ়িয়াই অনা চাৰি খন ট্ৰাক ৷বৃহস্পতি বাৰে শতাধিক গৰু কঢ়িয়াই অনা ট্ৰাক কেইখন কঁহৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বোকাখাত আৰক্ষীয়ে আটক কৰি তালাচি চলোৱাৰ পাছত পোহৰলৈ আহে ৰাজ্যত অবৈধ ভাৱে গৰু সৰবৰাহৰ ভয়ংকৰ ছবি ৷যান বাহনত জীৱজন্তু সৰবৰাহ কৰাৰ নিয়ম মানি নচলাকৈ একোখন ট্ৰাকত অত্যাধিক গৰু কঢ়িয়াই অনা ট্ৰাক কেইখন আৰক্ষীয়ে জব্দ কৰি এনিমেল ক্ৰুৱেলিটি আইনৰ অধীনত এক গোচৰ ৰুজু কৰিছে ৷অৱশ্যে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ ওচৰত মন্তব্য কৰাৰ পৰা আৰক্ষী বিৰত থাকে ৷জানিব পৰা মতে ট্ৰাককেইখনে তিনিচুকীয়াৰ বৰডোমচাৰ পৰা গুৱাহাটীলৈ গৰু কঢ়িয়াই নিছিল ৷আনহাতে আৰক্ষীৰ তালাচিত নথি পত্ৰ পৰীক্ষাৰসময়ত উপস্থিত থকা একাংশ স্থানীয় লোকে কৰা অভিযোগ মতে ট্ৰাক কেইখনৰো যাৱতীয় নথি পত্ৰও নাছিল ৷ এনে ক্ষেত্ৰত আৰক্ষীয়ে কেৱল এনিমেল ক্ৰুৱেলিটিৰ গোচৰ জাপিয়েই ক্ষান্ত থকাৰ বিষয়টোৱে সন্দেহৰ উদ্ৰেক কৰিছে ৷

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …