বাথৰুমত চেম্পুৰ বটলত গোপন কেমেৰা: বন্দী কৰিলে ৩৪ নাৰীৰ ২১৯ ভিডিও

নিউজ ডেস্ক, অসম সংবাদ: আন ঠাইলৈ গ’লে বাথৰুমত প্ৰৱেশ কৰোতে সাৱধান৷ য’তে ত’তে থাকিব পাৰে গোপন কেমেৰা আৰু বন্দী হ’ব পাৰে আপোনাৰ গা ধোৱা দৃশ্যও৷ এজন লোকৰ কৰ্মকাণ্ডই শেহতীয়াকৈ চকু কপালত তুলিছে৷ চেম্পুৰ বটলত গোপন কেমেৰা স্থাপন কৰি লোকজনে গোপনে ভিডিও কৰিছে ৩৪ গৰাকী নাৰীৰ৷ ঘটনাটো সংঘটিত হৈছে নিউজিলেণ্ডৰ এটা গেষ্ট হাউচত৷ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে লোকজন আৰু আদালতে দোষীও সাব্যস্ত কৰিছে৷ বি বি চিৰ খবৰ অনুসৰি নিউজিলেণ্ডৰ আইলেণ্ডেৰ হকচ বে এলেকাৰ বাসিন্দা এই লোকজন৷ অৱশ্যে কৰ্তৃপক্ষই নামটো প্ৰকাশ কৰা নাই৷ অভিযোগ অনুসৰি ২০১৭ চনৰ ডিচেম্বৰৰ পৰা ২০১৮ চনৰ ফেব্ৰুৱাৰীলৈকে লোকজনে গোপনে ৩৪ গৰাকী নাৰীৰ ২১৯ টা ভিডিও লবলৈ সমৰ্থ হৈছে৷ গোপন কেমেৰাৰ জৰিয়তে লোৱা এই ভিডিওসমূহ এটা পৰ্ণ চাইটত আপলোড কৰাৰ লগতে কিছুমান ভিডিওত ইয়াৰ বৰ্ণনাও দিয়া হৈছে৷ সংশ্লিষ্ট কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি অপৰাধৰ স্বীকাৰ হোৱা বেছিভাগ নাৰীৰ বয়স ৩০ বছৰৰ তলত৷ কিছুমান নাৰীৰ মুখো স্পষ্টভাবে দেখা গৈছে৷ কিন্তু গোপন কেমেৰা স্থাপন কৰা চেম্পুৰ বটলবিলাক লোকজনে ঘৰতেই তৈয়াৰ কৰিছে নে অনলাইন যোগে ক্ৰয় কৰিছে সেয়া জানিব পৰা হোৱা নাই৷ স্থানীয় আদালতৰ সূত্ৰৰ পৰা জানিব পৰামতে গেষ্ট হাউচলৈ অহা কোনো নাৰী বাথৰুমত সোমালেই ৰিমোট কণ্ট্ৰলৰ সহায়ত চেম্পুৰ বটলত থকা গোপন কেমেৰা অন কৰে লোকজনে৷ পিচত সুযোগ বুজি চেম্পুৰ বটলটো তাৰ পৰা আঁতৰাই নিয়ে আৰু কম্পিউটাৰত থৈ দিয়ে৷ ইফালে লোকজনক গ্ৰেপ্তাৰৰ পিচত আৰক্ষীয়ে পৰ্ণ চাইটৰ পৰা ভিডিওসমূহ আঁতৰাবলৈ আৰম্ভ কৰিছে৷

মন্তব্য

পঢ়িব পাৰে

শিমুলটাপুত অচিনাক্ত মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

অসম সংবাদ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ সমীপত সোণকোষ নদীৰ পৰা …