কৃষ্ণাইৰ শালপাৰাত ভয়াৱহ পথ দুৰ্ঘটনা: আহত তিনি

কৃষ্ণাইৰ পৰা খগেন্দ্ৰ ৰাভা, অসম সংবাদ: গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ শালপাৰাত যোৱা নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত তিনিজন লোক গুৰতৰ ভাৱে আহত হোৱাৰ বিপৰীতে ইয়াৰে দুজনৰ অৱস্থা অতি সংকটজনক ৷ জানিব পৰা মতে, নিশা এগৰাকী পথচাৰী লোকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শালপাৰাৰ অভিমূখে গৈ থকাৰ সময়তে দুধনৈৰ পৰা কৃষ্ণাই অভিমূখে আহি থকা এখন তীব্ৰ বেগী বাইকে খুন্দা মাৰে পথচাৰী জনক ৷ ফলত বাইকত থকা দুই আৰোহী সহ পথচাৰী লোকজন পথৰ দাতিত ছিটিকি পৰাৰ লগতে বাইকখন চূৰ্ণ-বিচূৰ্ণ হয় ৷ লগে লগে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত আৰক্ষীক খৱৰ দিয়াৰ লগতে ১০৮ সেৱা এম্বুলেনচক খৱৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ অতি সংটক জনক অৱস্থাত দুজন লোকক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ৷ বাইক আৰোহী এজনক কৃষ্ণাইৰ আশুডুবীৰ দেবু কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে যদিও আন দুজনৰ পৰিচয় জানিব পৰা নাই ৷ দেবু কৰ্মকাৰ আৰু পথচাৰী লোকজনৰ অৱস্থা অতি সংকটজনক হোৱা বাবে নিশাই চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …