হোজাইত বন্য হস্তীৰ তাণ্ডৱ অব্যাহত: বাসগৃহৰ ক্ষতিসাধন

হোজাইৰ পৰা ৰাজীৱ দাস, অসম সংবাদ: হোজাইত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। বিগত কিছুদিন ধৰি হোজাইৰ দাঁতিকাষৰীয়া অঞ্চলত নিশা হলেই ৰাইজৰ মনত নামি আহে ভয় আৰু আতংক। উৰেনিশা উজাগৰে কটাবলগীয়া হয় গঞা ৰাইজৰ , কাৰণ হাতীৰ তাণ্ডৱে কোন ফালে ক্ষতিগ্ৰস্ত কৰিব তাকে লৈ উৱাদিহ নোপোৱা হৈছে ৰাইজে। ঠিক তেনেদৰে যোৱা নিশাও তাণ্ডৱ চলালে হোজাইৰ নভঙা অঞ্চলত। কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে হাতীৰ জাকটোৱে। ভঁৰালঘৰ ভাঙি ধান খোৱাৰ উপৰিও তহিলং কৰে ব্যৱসায়িক প্ৰতিষ্ঠান। বন্য হস্তীৰ তাণ্ডৱ এনে নিত্য নৈমিত্তিক ঘটনা হৈ যোৱাৰ পিছতো বনভিভাগে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …