এন আৰ চিত নাম নাথাকিলে সোমাব নোৱাৰিব নাগালেণ্ডত : নগা ছাত্ৰ সংগঠনৰ হুংকাৰ

অসম সংবাদ, মৰিয়নী: মেঘালয় , অৰুণাচলৰ পাছত এইবাৰ নাগালেণ্ডত অসমৰ NRCত নাম নথকা লোকৰ প্ৰৱেশ নিষেধ কৰিলে নগা ছাত্ৰ সংগঠনে। নগা ছাত্ৰ সংগঠনে অসমৰ পৰা নাগালেণ্ডলৈ যোৱা সকলো বাহনৰ যাত্ৰী, ড্ৰাইভাৰ, হেণ্ডিমেনৰ NRC ৰ অন্তভুক্তিৰ নথি পৰীক্ষা কৰে। যি সকলৰ ওচৰত NRCত নাম অন্তভুক্তিৰ নথি নাই সেই সকলক অসমলৈ উভতাই পঠিয়াইছে নগা ছাত্ৰ সংগঠনে।অসমৰ বিভিন্ন জিলাৰ পৰা নাগালেণ্ডলৈ সামগ্ৰী তথা যাত্ৰী কঢ়িওৱা বাহন সমূহক নাগালেণ্ডৰ ছুটাফলা গেটত ছাত্ৰ সংগঠনটোৱে এই তালাচী চলাইছিল। পুৱতি নিশাৰ পৰা চলোৱা এই অভিযান এই মুহূৰ্তত স্থগিত ৰাখিছে যদিও নাগালেণ্ড অভিমুখী বহু বাহন আবদ্ধ হৈ ৰয় অসমত। বাহণসমূহৰ ড্ৰাইভাৰ হেণ্ডিমেনে জনোৱা মতে NRC ত তেওঁলোকৰ নাম আহিছে যদিও নথি সমূহ লগত নথকাৰ ফলত নাগালেণ্ডলৈ যাবলৈ ভয় কৰিছে

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …